অজিত পাৱাৰ শিৱিৰেই প্ৰকৃত এন চি পি; নিৰ্বাচন আয়োগৰ সিদ্ধান্তত ক্ষুব্ধ শাৰদ পাৱাৰ শিৱিৰ

নিৰ্বাচন আয়োগে অজিত পাৱাৰৰ শিৱিৰক প্ৰকৃত ৰাষ্ট্ৰীয় কংগ্ৰেছ দল (এন চি পি) বুলি ঘোষণা কৰে। যোৱা ৬ মাহ ধৰি প্ৰকৃততে দলটোৰ মালিক কোন তাক লৈ শুনানি চলি আছিল। দহটাতকৈও অধিক শুনানিৰ অন্তত অৱশেষত আয়োগে অজিত পাৱাৰৰ শিৱিৰৰ সপক্ষে ৰায় দিয়ে।

আয়োগৰ এই ৰায় নিঃসন্দেহে শাৰদ পাৱাৰৰ বাবে এক ডাঙৰ আঘাত। এন চি পিৰ নাম আৰু প্ৰতীক ব্যৱহাৰৰ অধিকাৰ অজিত পাৱাৰৰ শিবিৰৰ হাতত থাকিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

তদুপৰি, নতুন দলৰ নাম নিৰ্ণয় কৰিবলৈ বুধবাৰে বিয়লি ৩ বজাৰ ভিতৰত শাৰদ পাৱাৰক তিনিটা নাম জমা দিবলৈ নিৰ্দেশ দিয়ে। ১২ জন বিধায়ক শাৰদ পাৱাৰৰ পক্ষত থকাৰ বিপৰীতে অজিতৰ সপক্ষে আছে ৪১জন বিধায়ক।

আনহাতে, এই ঘোষণাক লৈ যেনেদৰে উৎফুল্লিত হৈ পৰিছে অজিত পাৱাৰ শিৱিৰ, তাৰ ঠিক বিপৰীতে শাৰদ পাৱাৰৰ শিৱিৰত ক্ষোভৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা বছৰৰ মাজভাগত এন চি পিত দলীয় সংঘাত শীৰ্ষত উপনীত হৈছিল। ভতিজা অজিত পাৱাৰে শাৰদ পাৱাৰৰ এন চি পি ত্যাগ কৰি বিজেপিৰ সৈতে হাত মিলায়।

এন চি পিৰ ৯জন বিধায়কে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত যোগ দিয়ে। অজিত পাৱাৰ নিজেই উপ-মুখ্যমন্ত্ৰী হয়। ক্ষুব্ধ শাৰদ পাৱাৰে অজিত পাৱাৰ শিবিৰৰ কেইবাজনো নেতাক বৰ্খাস্ত কৰে।