হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন! বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয়

দেশত ধৰ্মীয় বিষয়কলৈ সংঘাতপূৰ্ণ চৰ্চা অব্যাহত থকাৰ মাজতে এইবাৰ এখন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ এটা প্ৰশ্নকলৈ সৃষ্টি হৈছে বিতৰ্কৰ।

উত্তৰ প্ৰদেশৰ এই বেচৰকাৰী বিশ্ববিদ্যালয়খনৰ শেহতীয়া এক পৰীক্ষাত পৰীক্ষাৰ্থীৰ বাবে এটা প্ৰশ্ন আছিল,’’ ফেচীবাদৰ সৈতে হিন্দুত্ববাদৰ মিল আছেনে?’’ ইয়াকেলৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে। ইতিমধ্যে অভিযুক্ত অধ্যাপকগৰাকীক নিলম্বন কৰা হৈছে।

উত্তৰ প্ৰদেশৰ নয়দাত থকা সাৰদা বিশ্ববিদ্যালয়ৰ কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যোৱা স্নাতক পৰ্যায়ৰ ৰাষ্ট্ৰবিজ্ঞানৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাত ছেকছন ‘এ’ৰ ৬ নম্বৰ প্ৰশ্নটো আছিল, ‘’আপুনি ফেচীবাদৰ বা নাজীবাদৰ সৈতে হিন্দুত্ববাদৰ কোনো মিল বিচাৰি পাইছেনে? যুক্তিসহ লিখক।‘’

এনেদৰে ধৰ্মীয় প্ৰসংগ টানি আনি প্ৰশ্ন দিয়াৰ বাবে বিতৰ্কই তীব্ৰ ৰূপ লৈছে। গেৰুৱা শিৱিৰৰ দাবী যে বিশ্ববিদ্যালয়খনে ইচ্ছাকৃতভাৱে হিন্দুত্ববাদৰ সৈতে ফেচীবাদ আৰু নাজীবাদৰ তুলনা টানি আনিছে।

ৰাজ্যখনৰ বিজেপি নেতা বিকাশ প্ৰীতম সিনহাই শুকুৰবাৰে ছবিসহ ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো টেগ কৰা এটা টুইটত লিখিছে,’’বিশ্ববিদ্যালয়ৰ নাম সাৰদা। চাওক তেওঁলোকে কি কৰিছে। হিন্দুত্ববাদৰ সৈতে ফেচীবাদ আৰু নাজীবাদৰ তুলনা কৰা হৈছে। জানিব পাৰিছো সেই প্ৰশ্নকাকত এগৰাকী মুছলমান শিক্ষকে প্ৰস্তুত কৰিছিল।‘’বিষয়টোকলৈ ইতিমধ্যে যোগীৰ ৰাজ্যত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

উল্লেখ্য যে দেশত ধৰ্মীয় উন্মাদনাই ব্যাপক প্ৰ সাৰ লাভ কৰিছে। দিল্লীৰ জাহাংগীৰপুৰীকে ধৰি বিভিন্ন ৰাজ্যত হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি অশান্তি বিয়পিছিল। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰত আজান আৰু হনুমান চালিচা বিতৰ্কই উত্তপ্ত কৰিছে। ইয়াৰ মাজতে প্ৰশ্নকাকতৰ বিতৰ্কৰ বাবে এইবাৰ বিতৰ্কৰ মাজলৈ আহিছে নয়দাৰ সাৰদা বিশ্ববিদ্যালয়।