ছাৰ্জিল ইমামৰে কি সম্পৰ্ক অসমৰ ব্যক্তিৰ?

চাৰ্জিল ইমাম। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

দেশদ্ৰোহত অভিযুক্ত ছাৰ্জিল ইমামৰ সৈতে সম্পৰ্ক আছিল অসমৰ কেইবাজনো ব্যক্তিৰ।

অসমৰ এজন শীৰ্ষ ৰাজনীতিক, এ আই ইউ ডি এফ মুৰব্বী বদৰুদ্দিন আজমল, এটা নিউজ প’ৰ্টেলৰ মালিক উৎপল কান্তাকে ধৰি কেইবাজনো ব্যক্তিৰ সৈতে যোগাযোগত আছিল ছাৰ্জিল, প্ৰতিদিন টাইমৰ বাতৰিত প্ৰকাশ।

অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত সাংসদ বদৰুদ্দিন আজমল, উৎপল কান্তা, গোলকগঞ্জৰ অনিৰ্বাণ ৰয় নামৰ জে এন ইউৰ এজন প্ৰাক্তন ছাত্ৰ, গোলকগঞ্জৰে হীৰকজ্যোতি নাথ আৰু দিল্লীস্থিত সাংবাদিক প্ৰতুষদ্বীপ কাকতিৰ নাম লৈছে ছাৰ্জিলে।

খবৰমতে, ব্যৱসায়ী উৎপল কান্তাৰ সৈতে কা-বিৰোধী আন্দোলনৰ সময়ত ছাৰ্জিলে বহুবাৰ ফোনযোগে কথা পাতিছিল আৰু কান্তাই ছাৰ্জিলক অসমৰ আন্দোলনৰ খবৰ দিছিল।

সূত্ৰমতে বৰ্তমান অসমৰ বাহিৰত থকা ব্যৱসায়ী উৎপল কান্তাৰ চিমেণ্ট ছিণ্ডিকেটৰ সৈতেও সম্পৰ্ক আছে।

ইতিমধ্যে আৰক্ষীয়ে ছাৰ্জিলৰ ভইচ চেম্পল সংগ্ৰহ কৰিছে।

আৰক্ষীৰ শীৰ্ষ বিষয়াই সদৰী কৰা মতে গোচৰটো সন্দৰ্ভত বিভিন্ন ব্যক্তিক ইতিমধ্যে সোধাপোচা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব।

ছদিন পূৰ্বে অসমলৈ অনা ছাৰ্জিলক ১/২০২০ গোচৰত ছদিন পূৰ্বে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মাত দিছিল।

আদালতে যোৱা ২০ ফেব্ৰুৱাৰিত ছাৰ্জিলক প্ৰথমে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল যদিও পিছত পুনৰ চাৰিদিনৰ জিম্মাত দিয়ে।

অসমলৈ অনাৰ পূৰ্বে ছাৰ্জিল তিহাৰ জেলত বন্দী হৈ আছিল।

নতুন দিল্লীত কা-বিৰোধী প্ৰতিবাদত ছাৰ্জিলে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি দিছিল।