NORTHEAST NOW (Assamese)

সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাৰ; আন দলত যোগ দিয়াৰ সম্ভাৱনা অস্বীকাৰ

September 26, 2021 12:03 pm · এন ই নাও নিউজ, গুৱাহাটী
শর্মিষ্ঠা মুখার্জী। ফাইল ফটো।

Sharmistha Mukherjee: প্ৰসিদ্ধ কংগ্ৰেছ নেতা প্ৰয়াত প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে পৰিয়ালৰ শেষজন সদস্য হিচাপে কংগ্ৰেছৰ পতাকা বহন কৰিছিল যদিও সেয়াও যেন এতিয়া অতীত হ’বলৈ আগবাঢ়িছে।

শৰ্মিষ্ঠা মুখাৰ্জীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে।

শনিবাৰে এটা টুইটৰ জৰিয়তে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ কথা জানিবলৈ দিয়ে।

নিজৰ টুইটাৰত শৰ্মিষ্ঠাই লিখিছে,’’সকলোকে ধন্যবাদ। ৰাজনীতিৰ পৰা বিদায় ল’লো। অৱশ্যে কংগ্ৰেছৰ এগৰাকী প্ৰাথমিক সদস্য হিচাপে থাকিম। সক্ৰিয় ৰাজনীতি আৰু নহয়।কোনোৱে যদি ভাৱে তেওঁ দেশৰ সেৱা, জাতিৰ সেৱা কৰিব তেওঁ আন ধৰণেও কৰিব পাৰে।‘’

শৰ্মিষ্ঠা মুখাৰ্জীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে ৰাজনীতি তেওঁৰ বাবে নহয়। সেয়ে তেওঁ আঁতৰি যাব বিচাৰিছো। অৱশ্যে তেওঁ আন কামকলৈ ব্যস্ত থাকিব।

কিন্তু হঠাৎ এইদৰে শৰ্মিষ্ঠা ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰাৰ লগে লগেই তেওঁ অন্য দলত যোৱাৰ বিষয়ে চৰ্চা আৰম্ভ হয়।

আনহাতে, শৰ্মিষ্ঠাই স্পষ্ট কৰি দিছে যে তেওঁ আন দলত যোগদান নকৰে। তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ এই সিদ্ধান্তৰ কথা দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালা আৰু দিল্লী কংগ্ৰেছৰ নেতা অজয় মাকেনক কেইবামাহ পূৰ্বে জনাইছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰনব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাই কয় যে দলৰ প্ৰতি তেওঁৰ কোনো অভিযোগ নাই। আনকি আন দলত যোগ দিয়াৰ বাবেও এই সিদ্ধান্ত লোৱা নাই।

Related News