Coronavirus: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱাত সকাহ লাভ কৰিলেও সক্ৰিয় ৰোগীৰ সংখ্যাই এতিয়াও উদ্বিগ্ন কৰি ৰাখিছে। বিগত দুদিন ধৰি বৃদ্ধি পাইছে চিকিৎসাধীন ৰোগীৰ সংখ্য।
বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ সংক্ৰমণ ৪.৩শতাংশ হ্ৰাস পাইছে। সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাইছে ১.৯০শতাংশলৈ।
দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ২৮হাজাৰ ৩২৬ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ২৯হাজাৰ ৬১৬ জন লোক।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৬০ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৬হাজাৰ ৯১৮জন।
দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৬হাজাৰ ৩২জন।
দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৯ লাখ ২হাজাৰ ৩৫১জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৩হাজাৰ ৪৭৬জন।
আৰু পঢ়ক: ৰাষ্ট্ৰসংঘৰ মঞ্চত ইমৰাণ খানৰ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰত কন্যাৰ; কোন এই স্নেহা ডুবে?
ইপিনে, দেশত এতিয়ালৈকে ৮৫কোটি ৬০ লাখ ৮১ হাজাৰ ৫২৭ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৮লাখ ৪২হাজাৰ ৭৮৬ জন লোকক কৰ’নাৰ ভেকচিন দিয়া হৈছে।
আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৫লাখতকৈয়ো অধিক নমুনা পৰীক্ষা কৰা হৈছে।
ইপিনে, কেৰেলাতো সংক্ৰমণৰ হাৰ সামান্য নিয়ন্ত্ৰণলৈ আহিছে। বিগত ২৪ ঘন্টাত ৰাজ্যখনত ১৬হাজাৰতকৈ সামান্য বেছি সংক্ৰমণৰ ঘটনা ঘটিছে।
লগতে পঢ়ক: শাৰীৰিক সম্পৰ্ক কৰিও প্ৰেমিকাক বিয়া কৰাব নিবিচাৰিলে যুৱকে; আদালতে দিলে এই ৰায়
দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ সময়ত ইতিমধ্যে উৎসৱৰ বতৰ আৰম্ভ হৈছে।
তাৰ মাজতে কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ আহ্বান জনাইছে বিশেষজ্ঞসকলে।