কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিষয়ে আলোচনাৰ বাবে বিভিন্ন দেশলৈ সাতটা প্ৰতিনিধি দল পঠোৱাৰ সিদ্ধান্ত লৈছে, য’ত বিভিন্ন দলৰ সাংসদসকলক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই প্ৰক্ৰিয়াত কংগ্ৰেছৰ প্ৰস্তাৱিত নামৰ তালিকা অগ্ৰাহ্য কৰি বিজেপি চৰকাৰে তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰক এটা দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।
জানিব পৰামতে শুকুৰবাৰে কেন্দ্ৰই কংগ্ৰেছৰ পৰা চাৰিটা নাম প্ৰস্তাৱ কৰিবলৈ কৈছিল, আৰু দুপৰীয়াৰ ভিতৰত কংগ্ৰেছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা, লোকসভাৰ উপ-নেতা গৌৰৱ গগৈ, ৰাজ্যসভাৰ সাংসদ চৈয়দ নাছিৰ হুছেইন, আৰু ৰাজা বাৰাদৰ নাম প্ৰেৰণ কৰিছিল। কিন্তু এই তালিকাত শশী থাৰুৰৰ নাম অন্তৰ্ভুক্ত নাছিল। তথাপিও শনিবাৰে কেন্দ্ৰই থাৰুৰক প্ৰতিনিধি দলৰ নেতা হিচাপে ঘোষণা কৰে, যাৰ ফলত কংগ্ৰেছৰ ভিতৰত অস্বস্তিৰ সৃষ্টি হৈছে। থাৰুৰে এই নিযুক্তিক “সন্মানজনক” বুলি উল্লেখ কৰি কৈছে, “জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত আমি সদায় উপস্থিত থাকিম।”
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰে সামাজিক মাধ্যমত পোষ্টৰ জড়িয়তে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ প্ৰস্তাৱিত তালিকা অগ্ৰাহ্য কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে। শনিবাৰে চৰকাৰে জানিবলৈ দিয়ে যে প্ৰতিনিধি দলসমূহৰ নেতৃত্বত থাকিব বিজেপিৰ ৰবি শংকৰ প্ৰসাদ, জেডিইউৰ সঞ্জয় কুমাৰ ঝা, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, ডিএমকেৰ কণিমোঝি কৰুণানিধি, এনচিপিৰ সুপ্ৰিয়া চুলে, শিৱসেনাৰ শ্ৰীকান্ত শিণ্ডে, আৰু শশী থাৰুৰ। এই ঘটনাই কংগ্ৰেছৰ ভিতৰত থাৰুৰক লৈ পূৰ্বৰ বিতৰ্ক পুনৰ উজ্জীৱিত কৰি তুলিছে। কেইমাহমান পূৰ্বে থাৰুৰে আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰশংসা কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল। তেতিয়া তেওঁ স্পষ্ট কৰিছিল যে তেওঁ কংগ্ৰেছৰ হৈ কাম কৰিবলৈ সদায় সাজু, কিন্তু দলত তেওঁৰ প্ৰয়োজন নহ’লে তেওঁৰ “অন্যান্য কাম” আছে।
উল্লেখ্য যে ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ মাজত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ ভাৰতে এই প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কাৰিছে। এইক্ষেত্ৰতো দলীয় ৰাজনীতিৰ খেল দেখিবলৈ পোৱা গৈছে। প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে তিৰুৱনন্তপুৰমত ভিংজাম বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে থাৰুৰৰ উপস্থিতিৰ উল্লেখ কৰি কংগ্ৰেছৰ সমালোচনা কৰিছিল। এই সকলো ঘটনাই কংগ্ৰেছৰ ভিতৰত থাৰুৰৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।