• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় পুৰুষসকলৰ সমস্যা আছে; মলিউদৰ মি-টু আন্দোলনক লৈ মন্তব্য শশী থাৰুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 1:07 pm
সাংসদ শশী থাৰুৰ। ফাইল ফটোঃ সংগ্ৰহীত।

সাংসদ শশী থাৰুৰ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মলিউড’ নামেৰে পৰিচিত কেৰালাৰ মালয়ালম চলচ্চিত্ৰ উদ্যোগক কেন্দ্ৰ কৰি আৰম্ভ হোৱা “হেচটেগ মি-টু” (#MeToo) আন্দোলনে তোলপাৰ লগাইছে। চিনেমাৰ শ্বুটিং বা চেটত কেতিয়াবা অভিনেতা, কেতিয়াবা পৰিচালক বা প্ৰযোজকৰ দ্বাৰা তেওঁলোকক কেনেকৈ যৌন নিৰ্যাতন চলোৱা হৈছে,  অভিনেত্ৰীসকলে সেয়া উদঙাই দিছে। জানিব পৰা গৈছে যে এতিয়ালৈকে ১৭ গৰাকী অভিনেত্ৰীয়ে এই অভিযোগ প্ৰকাশ কৰিছে।

এনডিটিভিক দিয়া এক সাক্ষাৎকাৰত কেৰালাৰ পৰা নিৰ্বাচিত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে ভাৰতীয় সমাজৰ সামগ্ৰিক মনোভাৱৰ পৰিৱৰ্তনৰ আহ্বান জনায়। ভাৰতীয় পুৰুষৰ নিশ্চয় সমস্যা আছে বুলি তেওঁ মন্তব্য কৰে। নাৰীৰ ওপৰত হোৱা হিংসাত্মক অপৰাধ নিয়ন্ত্ৰণত যদি কোনো আশা নাথাকে, যদি নিৰ্মূল নহয়, তেন্তে এইটো এক ভয়াৱহ সমস্যা।

সাক্ষাৎকাৰটোত থাৰুৰে মলীউডত যৌন নিৰ্যাতন উদঙাই দিয়াৰ বাবে সমৰ্থন প্ৰকাশ কৰি ব্যৱস্থাগত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ২০১২ চনত নিৰ্ভয়া ট্ৰেজেডী আৰু ২০২৪ চনত শেহতীয়াকৈ আৰ জি কৰ হাস্পতালত হোৱা ধৰ্ষণ আৰু হত্যাৰ দৰে চৰ্চিত গোচৰৰ মাজতো এই সমস্যাসমূহ মোকাবিলাত পৰ্যাপ্ত অগ্ৰগতি হোৱা নাই। তেওঁ কয়, ‘এক ডজন বছৰতো যেন একো সলনি হোৱা নাই।‘

লগতে পঢ়কঃ নৰ্থইষ্ট নাও আছুতীয়া: মন্ত্ৰী পীযুষৰ বিভাগত অৰাজকতা; লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত হোজা-নিৰক্ষৰ ব্যক্তিক প্ৰতাৰণা!

ইয়াৰ উপৰিও থাৰুৰে সাক্ষাৎকাৰত সংবাদ মাধ্যমত প্ৰকাশ পোৱা যৌন নিৰ্যাতনৰ উদ্বেগজনক হাৰ তুলি ধৰি ইয়াক এক  দৈনিক পৰিঘটনা বুলি অভিহিত কৰে। এই খবৰবোৰে বিভিন্ন জনগোষ্ঠীৰ মহিলাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলিও তেওঁ ভাবে।

কেৰালাৰ প্ৰভাৱশালী ৰাজনীতিবিদগৰাকীয়ে ভাৰতত ‘হেচটেগ মি-টু’ (#MeToo) আন্দোলনৰ নেতৃত্ব দিয়া কেৰালাৰ ভূমিকাক প্ৰশংসা কৰে। লগতে চলচ্চিত্ৰ জগতত আবদ্ধ হৈ থকা সমস্যাসমূহ উদঙাই দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ ভূমিকাকো প্ৰশংসা কৰে। অৱশ্যে তেওঁ কেৰালা চৰকাৰে যৌন নিৰ্যাতনৰ সন্দৰ্ভত ন্যায়াধীশ হেমা সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰাত পলম কৰাটোক “ক্ষমা কৰিব নোৱাৰা অপৰাধ” বুলি অভিহিত কৰে।

মলীউডৰ আগশাৰীৰ ব্যক্তিত্বৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ সময়তে ইতিমধ্যে মালয়ালম চলচ্চিত্ৰ অভিনেতা সংস্থাৰ সদস্যকে ধৰি কেইবাজনো অভিনেতাই পদত্যাগ কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে অনুভৱ কৰে যে পদত্যাগৰ সিদ্ধান্ত সঠিক যদিও সেয়া যথেষ্ট নহয়। এই ক্ষেত্ৰত তেওঁ যৌন নিৰ্যাতনৰ সুযোগ কৰি দিয়া ব্যৱস্থাটো সলনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। কৰ্মক্ষেত্ৰত মহিলাসকলৰ বাবে শৌচাগাৰ আৰু নিৰাপদ স্থানৰ মৌলিক সুবিধাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মহিলাসকলে নিৰাপদে অভিযোগ দাখিল কৰিব পৰাকৈ এখন স্বতন্ত্ৰ মঞ্চ গঠনৰো আহ্বান জনায় থাৰুৰে।

লগতে পঢ়কঃ চিঙৰা বিক্ৰী কৰা ল’ৰাটোৱে ক্লিয়াৰ কৰিলে NEET UG; ১৮ বছৰীয়া যুৱকৰ সফলতা এতিয়া অনুপ্ৰেৰণা

সংবাদ মাধ্যমৰ বাতৰি মতে, মালয়ালম চলচ্চিত্ৰ জগতত যৌন কেলেংকাৰী সন্দৰ্ভত হেমা কমিটীৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হ’বলৈ ধৰিছে। এনে পৰিস্থিতিত এছ’চিয়েচন অৱ মালয়ালম মুভি আৰ্টিষ্ট নামৰ প্ৰভাৱশালী সংস্থাটো ভংগ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd