এদিনতে ৯১৯ জন পুৰুষৰ সৈতে যৌন সম্পৰ্ক : ২০ বছৰে কোনেও ভংগ কৰিব পৰা নাই এইগৰাকী নাৰীৰ অভিলেখ

বিশ্ব অভিলেখ গঢ়াৰ নামত মানুহে হে কি কি কৰা নাই! নখ-চুলি দীঘলকৈ ৰখাৰ পৰা আৰম্ভ কৰি যৌন সম্পৰ্ক কৰালৈকে না না আজৱ কাণ্ড কৰি মানুহে ৰচনা কৰিছে বিভিন্ন ৰকমৰ বিশ্ব অভিলেখ। নিজৰ নাম সন্নিৱিষ্ট কৰাইছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত।

আজি এনে এটা বিশ্ব অভিলেখৰ কথা ক’বলৈ উলাইছোঁ, যিটো অভিলেখৰ বিষয়ে জানিলে আপোনাৰ চকু উঠিব কপালত।

পোলেণ্ডৰ এগৰাকী মহিলাই যৌন সম্পৰ্ক স্থাপন কৰি ৰচনা কৰিছে বিশ্ব অভিলেখ। মাত্ৰ ১২ ঘন্টাতে এইগৰাকী মহিলাই যিমান পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিছে সিমান সম্পৰ্ক এগৰাকী সাধাৰণ মহিলাই ১২ টা জন্মতো বোধ হয় নকৰে।

দৰাচলতে পোলেণ্ডত প্ৰতি বছৰে এখন প্ৰতিযোগিতা আয়োজন কৰা হয় য’ত বহু মহিলাই বিশ্ব অভিলেখৰ আকাংক্ষাত অংশগ্ৰহণ কৰে।  কিন্তু এইগৰাকী মহিলাই ১২ ঘন্টাত ৯১৯ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আমেৰিকাত বাস কৰা এই মহিলাগৰাকীৰ নাম লিজা স্পাৰ্ক।  স্পাৰ্ক এগৰাকী প্ৰাপ্তবয়স্ক ছবিৰ তাৰকা। আশ্চৰ্যজনক কথাটো হ’ল তেওঁ এই অনন্য অভিলেখ সৃষ্টি কৰিছিল যাতে তেওঁৰ নামটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিব পৰা যায়।

২৪ ঘণ্টাত ৯১৯ জন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা লিজাই নিজৰ অভিলেখ গঢ়িবলৈ প্ৰতিজন পুৰুষৰ সৈতে ৩৫ ছেকেণ্ডকৈ সময় সম্ভোগ কৰিছিল।

উল্লেখ্য যে ইয়াৰ আগতেও এই অভিলেখ আন এগৰাকী মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছিল, য’ত তেওঁ ২৪ ঘন্টাত প্ৰায় ৭৫৯ জন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰি অভিলেখ গঢ়িছিল।

কিন্তু ২০০৪ চনৰ ১৬ অক্টোবৰত লিজা স্পাৰ্কে এই অভিলেখ ভংগ কৰি ৯১৯ জন পুৰুষৰ সৈতে নতুন অভিলেখ ৰচনা কৰে। ২০০৪ চনৰ পৰা বিগত ২০ টা বছৰত কোনো মহিলাই ভংগ কৰিবলৈ সক্ষম হোৱা নাই লিজাৰ এই অভিলেখ।