‘দেশলৈ উভতিম, আমেৰিকাৰ ষড়যন্ত্ৰতে বাংলাদেশত অশান্তি’; মৌনতা ভংগ শ্বেখ হাছিনাৰ

বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে দায়ী আমেৰিকা। তেওঁলোকৰ ষড়যন্ত্ৰতে আৱামী লীগক উৎখাত কৰা হয়। দেশত চলি থকা মৃত্যু মিছিল বন্ধ কৰিবলৈকে তেওঁ পদত্যাগ কৰিছে। ভাৰতত উপস্থিত হোৱাৰ ৬ দিনৰ পাছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ মৌনতা ভংগ কৰিলে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামী লীগৰ নেতা-কৰ্মী আৰু দেশবাসীক তেওঁ বাৰ্তা প্ৰদান কৰে।

বাংলাদেশৰ দক্ষিণৰ প্ৰবাল দ্বীপ ছেণ্ট মাৰ্টিন আমেৰিকাক গতাই নিদিয়াৰ বাবে ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰে শ্বেখ হাছিনাই। ছেণ্ট মাৰ্টিন আৰু বংগোপসাগৰ এৰি দিলে তেওঁক পদচ্যুত কৰা নহ’লহেঁতেন।

দীৰ্ঘদিন ধৰি আমেৰিকাৰ সৈতে শ্বেখ হাছিনাৰ চৰকাৰৰ মাজত দ্বন্দ্ব চলি আহিছে। সংসদীয় নির্বাচনৰ পূর্বেও হাছিনাই এই বিষয়ত মুকলিকৈ কৈছিল৷ ভাৰতলৈ অহাৰ পিছত আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰিছিল। তেতিয়াই গম পোৱা যায়। নিজৰ মৌনতা ভংগ কৰি তেওঁ দেশৰ অশান্তিৰ বাবে আমেৰিকাকে দোষাৰোপ কৰিলে।

লগতে পঢ়কঃ ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা, ৰোহিংগীয়াৰ ওপৰত ড্ৰোন আক্ৰমণত নিহত প্ৰায় ২০০ জন

দেশ এৰি যোৱাৰ পূৰ্বে শ্বেখ হাছিনাই জাতিক উদ্দেশ্যি দিয়া ভাষণ ৰেকৰ্ডিং কৰাৰ সুযোগ নাপালে। কিন্তু এইবাৰ তেওঁ এক বিবৃতিত কয় যে, ‘মই পদত্যাগ কৰিছো যাতে দেশত আৰু মৃত্যু মিছিল নহয়। বিএনপিয়ে ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ওপৰেৰে ক্ষমতা দখল কৰিব বিচাৰিছিল। ছেণ্ট মাৰ্টিন দ্বীপ এৰি দিয়া হ’লে আজিও মই ক্ষমতাত থাকিলোঁহেঁতেন। মই দেশত থকা হ’লে হয়তো আৰু অধিকে প্ৰাণ হেৰুৱালেহেঁতেন, ধন-সম্পত্তিৰ অপচয় হ’লহেঁতেন। মই তেনেকুৱা বিচৰা নাছিলোঁ। গতিকে মই পদত্যাগ কৰিলোঁ।’

আৱামী লীগৰ নেতা-কৰ্মীসকলক সম্বোধন কৰি হাছিনাই লগতে লিখিছে- ইনশ্বা আল্লাহ মই সোনকালে দেশলৈ উভতিম। পৰাজয় মোৰ যদিও বাংলাদেশৰ জনসাধাৰণ জয়ী হৈছে। মোৰ যিসকল কৰ্মী তাত আছে তেওঁলোকে মনোবল হেৰুৱাব নালাগে। আৱামী লীগে বাৰে বাৰে উঠি থিয় দিছে। আকৌ থিয় হ’ব।’

লগতে পঢ়কঃ মাধৱী বুচ কোন? তেওঁৰ স্বামী কোন? আদানী গোষ্ঠীৰ সৈতে কেনেকুৱা মিতিৰালিৰ অভিযোগ

লগতে কোটা সংস্কাৰ আন্দোলনকাৰীসকলৰ উদ্দেশ্যি তেওঁৰ বক্তৱ্য, ‘মই বাংলাদেশৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ ক’ব বিচাৰো যে মই তোমালোকক কেতিয়াও ৰাজাকাৰ বুলি কোৱা নাই। বৰঞ্চ মোৰ কথাবোৰ তোমালোকক উত্তেজিত কৰিবলৈ বিকৃত কৰা হৈছে। সেইদিনাৰ সম্পূৰ্ণ ভিডিঅ’টো চাব। ষড়যন্ত্ৰকাৰীয়ে তোমালোকৰ নিৰ্দোষতাৰ সুযোগ লৈ দেশখন অস্থিৰ কৰিবলৈ তোমালোকক ব্যৱহাৰ কৰিছে।’