৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখ বৃহস্পতিবাৰে নতুন দিল্লীৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ (ইডি) কাৰ্যালয়ত উপস্থিত হয় ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শিখৰ ধাৱানক। 1xBet নামৰ অবৈধ বেটিং এপৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জেৰাৰ সন্মুখীন হয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। ধাৱনে পুৱা প্ৰায় ১১ বজাত উপস্থিত হয় আৰু বিষয়াসকলে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত তেওঁৰ ভাষ্য গ্ৰহণ কৰে।
এই তদন্তৰ কেন্দ্ৰবিন্দু হৈছে অবৈধ বেটিং এপ, যিয়ে মানুহক প্ৰতাৰণা কৰাৰ লগতে কোটি কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। যোৱা মাহত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাকো একেটা গোচৰতে জেৰা কৰা হৈছিল। জালিয়াতি আৰু কৰ ফাঁকিৰ সৈতে জড়িত অনুৰূপ কেইবাটাও এপৰ তদন্ত চলাই আছে ইডিয়ে।
ভাৰত চৰকাৰে নতুন আইনৰ জৰিয়তে প্ৰকৃত ধনৰ অনলাইন গেমিং নিষিদ্ধ কৰিছে। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ভাৰতৰ অনলাইন বেটিং বজাৰৰ মূল্য ১০০ বিলিয়ন ডলাৰৰ ওপৰত আৰু ই বছৰি ৩০% হাৰত বৃদ্ধি পাইছে। প্ৰায় ২২ কোটি ভাৰতীয়ই এই এপসমূহ ব্যৱহাৰ কৰে, ইয়াৰে আধা সংখ্যক নিয়মীয়া ব্যৱহাৰকাৰী। ২০২২ চনৰ পৰা ২০২৫ চনৰ জুন মাহলৈকে চৰকাৰে এনেধৰণৰ ১৫২৪টা প্লেটফৰ্ম নিষিদ্ধ কৰিছিল।