NORTHEAST NOW (Assamese)

শ্বিলঙৰ গীৰ্জা ঘৰত ভয়ংকৰ অগ্নিকাণ্ড; শ্বাসৰুদ্ধ হৈ দুজনৰ মৃত্যু

November 17, 2019 10:44 am · এন ই নাও নিউজ
Updated: November 17, 2019 10:47 am
ফটো নৰ্থ-ইঁষ্ট নাও

দেওবাৰে পুৱতি নিশা শ্বিলঙৰ কুৱালাপট্টিত থকা ‘চাৰ্চ অৱ গ’ড’ নামৰ এটা গীৰ্জা ঘৰ এক বিধ্বংসী অগ্নিকাণ্ডৰ  জুইত জাহ যায়।

উক্ত অগ্নিকাণ্ডৰ ফলত গীৰ্জা ঘৰটোৰ সমীপৰ এটা বাসগৃহত থকা দুজন লোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়।

নিহত লোক দুজনৰ ভিতৰত এগৰাকী মহিলাও আছে।

স্থানীয় লোকৰ মতে আজি পুৱা প্ৰায় ৪ বজাত তেওঁলোকে গীৰ্জা ঘৰটোত জুই জ্বলি থকা দেখা পাই, অৱশ্যে আৰক্ষীয়ে ইয়াৰ আগতেই জুই লগা বুলি অনুমান কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে যদিও বাতৰি যুগুত কৰা পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

আৰক্ষীৰ মতে গীৰ্জা ঘৰটোৰ ভিতৰত ৱেৰিঙকে ধৰি মেৰামতিৰ কিছু কাম চলি আছিল।

উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা গীৰ্জা ঘৰটোৰ সমীপত কেইবাটাও বাসগৃহ আছে।

Related News