• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱসৰৰ মুহূৰ্তত দাক্ষিণাত্যৰ মন্দিৰত পত্নীৰ সৈতে পূজা আগবঢ়ালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2019 1:16 pm

2 min read

CHIEF JUSTICE OF INDIA VISIT9

প্ৰভু ভেংকটেশ্বৰ মন্দিৰত পূজা আগবঢ়াই সপত্নীক মুখ্য ন্যায়াধীশ ৰঞ্জনগগৈ। ফটো: আৰএছপি নেটৱৰ্কৰ সৌজন্যত।

2.5k
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেওবাৰে অৱসৰৰ দিনটোত পুৱা তিৰুপতিৰ প্ৰভু ভেংকটেশ্বৰ মন্দিৰত পূজা আগবঢ়ায়।

পৰিয়ালৰ সৈতে তেওঁৰ এই ভ্ৰমণত মুখ্য ন্যায়াধীশগৰাকীক বেদজ্ঞ পণ্ডিতসকলে দাক্ষিণাত্যৰ মেলাম সংগীতৰ সৈতে বৈদিক মন্ত্ৰ পাঠেৰ মুল প্ৰৱেশদ্বাৰলৈ আদৰি নিয়া হয়।

মন্দিৰটোত পূজা-সেৱা আগবঢ়োৱাৰ পাছত শীৰ্ষ মৰ্যাদাৰ ব্যক্তিগৰাকীক মন্দিৰ কৰ্তৃপক্ষই প্ৰসাদৰ লগতে প্ৰভু ভেংকটেশ্বৰৰ এখন লেমিনেশ্যন কৰা ফটো অৰ্পন কৰে।

মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি ঠাকুৰ, জিলা উপায়ুক্ত প্ৰদ্যুন্ম, জিলা দণ্ডাধীশ জুনেইড আহমেদ মৌলানাৰ লগতে বালাজীৰ অভ্যৰ্থনা শাখাৰ বিষয়াসকল।

CHIEF JUSTICE OF INDIA VISIT
মন্দিৰ দৰ্শনৰ বাবে প্ৰৱেশৰ সময়ত সপত্নীক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফটো: আৰএছপি নেটৱৰ্কৰ সৌজন্যত

ইয়াৰ পূৰ্বে শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ পত্নীৰ সৈতে তিৰুমালা বালাজী মন্দিৰ দৰ্শন কৰে।

তেওঁলোকে তাত “সহস্ৰ দীপলংকাৰন সেৱা’ত অংশ লয় আৰু পাছত “বহনা সেৱা’ত উপস্থিত থাকে য’ত “গোঁসাই’ক শোভাযাত্ৰাৰ মাজেৰে মন্দিৰ চৌহদৰ থকা চাৰিটা পৱিত্ৰ ৰাস্তাৰে লৈ যোৱা হয়।

স্থানীয় পৰম্পৰা অনুসৰি, মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰথমতে বৰাহ স্বামী মন্দিৰত পূজা আগবঢ়ায় আৰু তাৰ পাছতে প্ৰভু বালাজীৰ “দৰ্শন’ কৰে।

ইয়াতো মন্দিৰ কৰ্তৃপক্ষ তথা পুৰোহিতসকলে মুখ্য ন্যায়াধীশগৰাকীক প্ৰৱেশৰ সময়তে আনুষ্ঠানিক আদৰণি জনায়। “দৰ্শন’ৰ পাছতে তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণেৰ মাজেৰে আশীৰ্বাদ দিয়ে।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি অৰ্থাৎ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd