শ্বিলঙৰ দন্ত চিকিৎসকে ৰোগীক দিলে দুই বটল সুৰা গ্ৰহণৰ উপদেশ

daru-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ক’ৰ’না মহামাৰীয়ে চিকিৎসাখণ্ডক ২৪ x ৭ ঘণ্টীয়া জৰুৰী সেৱা হিচাপে সম্পূৰ্ণৰূপে পৰিগণিত কৰিছে, কিন্তু এইক্ষেত্ৰত দন্ত চিকিৎসক সকলক মদ ক্ৰয় কৰাৰ বাবে উপদেশ দিয়াৰ বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে নেকি?

যেতিয়া সামাজিক দূৰত্বক কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধৰ মূল মন্ত্ৰ হিচাপে অভিহিত কৰা হৈছিল তেতিয়া দন্ত চিকিৎসক সকলে প্ৰথম সমগ্ৰ ভাৰতত কৰ্মক্ষেত্ৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে।

আশ্বৰ্য্যজনকভাৱে, শ্বিলঙৰ এগৰাকী দন্ত চিকিৎসকৰ ঔষধৰ প্ৰেছক্ৰিপশ্য়ন শুকুৰবাৰৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত জনসাধাৰণক দন্ত চিকিৎসক গৰাকীয়ে দিয়া ঔষধৰ তালিকাক লৈ ব্যস্ত থকা দেখা গ’ল কাৰণ তালিকাখনত কোনোধৰণৰ ঔষধৰ বিষয়ে  উল্লেখ কৰা হোৱা নাছিল।

ঔষধৰ তালিকাখনত দন্ত চিকিৎসক গৰাকীয়ে এগৰাকী ৬৫ বছৰীয়া লোকক শুকুৰবাৰে বিশেষ কোম্পানীৰ দুই বটল সুৰা গ্ৰহণ কৰাৰ উপদেশ দিয়ে।

তদুপৰি, চিকিৎসক গৰাকীয়ে ৰোগীজনক এদিনত তিনি পেগতকৈ অধিক সুৰা গ্ৰহণ নকৰাৰ বাবেও উপদেশ দিয়ে।

কিন্তু, এগৰাকী দন্ত চিকিৎসকে এজন ৬৫ বছৰীয়া ৰোগীক সুৰা গ্ৰহণ কৰাৰ বাবে ঔষধৰ তালিকা দিব পাৰেনে?

চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱাকৈ শীঘ্ৰেই এলকহলৰ যোগান ধৰাৰ বাবে মেঘালয় চৰকাৰে ৩০ মাৰ্চত এখন জাননী জাৰি কৰিছিল।

মেঘালয়ৰ আবকাৰী বিভাগৰ উপ সচিৱ বি. ছেইমিলে চিকিৎসাখণ্ডত এলকহল উপলব্ধ কৰাৰ বাবে জাননী খন (ERTS (E) 47/2017/46 ) জাৰি কৰিছিল।

জাননীখনত উল্লেখ কৰা অনুসৰি এলকহলৰ যোগানৰ বাবে চিকিৎসকৰ অনুজ্ঞাৰ প্ৰয়োজন।

এতিয়া কথা হ’ল মেঘালয়ত দন্ত চিকিৎসক সকলক চিকিৎসা কৰ্মী হিচাপে গণ্য কৰা হয় নে?

তাৰোপৰি, ভাৰতীয় দন্ত চিকিৎসা পৰিষদে দন্ত চিকিৎসক সকলক এলকহল ঔষধ হিচাপে দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছেনে?

এই সম্পৰ্কত যেতিয়া দন্ত চিকিৎসক ড০ বি পুৰুকায়স্থক যোগাযোগ কৰা হ’ল তেওঁ ৰোগী গৰাকী তেওঁৰ ভাৰাতীয়া বুলি কয়।

পুৰুকায়স্থই ৬৫ বছৰীয়া ৰোগী গৰাকীক সুৰাসক্ত বুলি উল্লেখ কৰাৰ লগতে তেওঁ সুৰা বাদ দিয়াৰ ফলত হোৱা ৰোগত ভোগা বুলি জনায়।

‘‘তেওঁ খাদ্য গ্ৰহণ কৰাত কষ্ট পাইছিল আৰু টোপনিৰ অসুবিধাত ভূগিছিল,’’ দন্ত চিকিৎসক গৰাকীয়ে নৰ্থ-ইষ্ট নাওৰ আগত জনায়।

ৰোগীগৰাকীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি ডা০ পুৰুকায়স্থই তেওঁক সীমিত পৰিমাণত সুৰা গ্ৰহণ কৰাৰ বাবে উপদেশ দিয়া বুলিও লগতে জনায়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কেৰালা চৰকাৰেও সুৰাক লৈ এনেধৰণৰ নিৰ্দেশ দিছিল যদিও চিকিৎসক সকলে ইয়াৰ বিৰোধিতা কৰিছিল।

সুৰা ব্য়ৱসায়ী আৰু কল্যাণ সমিতিয়ে শুকুৰবাৰে মেঘালয়ৰ মুখ্য় মন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰি ৰাজ্য়খনত শীঘ্ৰেই সুৰা বিপনী সমূহ খোলাৰ অনুমতি দিয়াৰ বাবে অনুৰোধ কৰে।