Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis অধিক জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট। এপিনে, শাৰদ পাৱাৰে উদ্ধৱ ঠাকৰেৰ কাষত থিয় হোৱাৰ বাৰ্তা দিছে। আনহাতে, বিদ্ৰোহী শিৱসেনাৰ নেতা একনাথ সিন্দে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

উদ্ধৱ ঠাকৰেই বিদ্ৰোহৰ পিছত সিন্দে আৰু ৰাজ্যখনৰ ১৫ জন বিধায়কক বিধায়ক পদ খাৰিজ কৰিবলৈ পদক্ষেপ লৈছে। সিন্দে আৰু অন্যান্য বিধায়কসকলে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।

লগতে পঢ়ক: Anti-defection law মহাৰাষ্ট্ৰত কিমান কাৰ্যকৰী হ’ব দলত্যাগ বিৰোধী আইন?

অৱশ্যে, তেওঁলোকে উচ্চতম ন্যায়ালয়ত দাবী তুলিছে যে উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত নোহোৱালৈকে ১৫ জন বিধায়ক আৰু একনাথ সিন্দেৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব।

তদুপৰি, বিদ্ৰোহী শিৱিৰে অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচনক আদালতত প্ৰত্যাহ্বান জনাইছে। আজি উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শুনানি হ’ব।

উল্লেখ্য যে উক্ত ১৫ জন বিধায়কৰ বেছিভাগেই মন্ত্ৰী। দলৰ এক জৰুৰী বৈঠকত  হুইপ জাৰী কৰি তেওঁলোকক উপস্থিত থাকিবলৈ কোৱা হৈছিল। কিন্তু তেওঁলোক অহা নাছিল।

লগতে পঢ়ক: Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

ইয়াৰোপৰি উদ্ধৱ শিবিৰে দাবী কৰিছে যে এমএলচি নিৰ্বাচনত এই ১৫ জন বিধায়কে ক্ৰছ-ভোট দিছিল। উদ্ধৱ শিবিৰে সিন্দেকে ধৰি সেই বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

উদ্ধৱ শিবিৰৰ সূত্ৰ অনুসৰি, উদ্ধৱে ৰাজ্যৰ মন্ত্ৰী একনাথ সিন্দে, গুলাব ৰাও পাটিল আৰু দাদা ভুচৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আগবাঢ়িছে। তদুপৰি, এই তালিকাত মন্ত্ৰী আব্দুছ ছাত্তাৰ আৰু শম্ভুৰাজ দেশাইৰো নাম আছে।

লগতে পঢ়ক: Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ইপিনে, ৰাজ্যৰ মন্ত্ৰী উদয় সাৱন্তে দেওবাৰে আবেলি বিদ্ৰোহী শিবিৰত যোগদান কৰে। এতিয়া বিদ্ৰোহী শিবিৰে দাবী কৰিছে যে তেওঁলোকৰ হাতত দুই-তৃতীয়াংশ বিধায়কৰ সমৰ্থন আছে। গতিকে অতি সহজে তেওঁলোকে বিধায়ক পদ খাৰিজৰ আইন আওকান কৰি উদ্ধৱৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।