NORTHEAST NOW (Assamese)

সোমবাৰে বেংককলৈ ৰাওনা হ’ব তিনিবাৰৰ এছিয়ান পদক বিজয়ী বক্সাৰ শিৱ থাপা

April 14, 2019 10:01 pm · এন ই নাও নিউজ
বক্সাৰ শিৱ থাপা

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত প্ৰতিপক্ষ খেলুৱৈক ধৰাশায়ী কৰি অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ লক্ষ্য লৈ ১৫ এপ্ৰিল অৰ্থাৎ সোমবাৰে বেংককলৈ ৰাওনা হ’ব অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপা। বেংককত অহা ১৯-২৮ এপ্ৰিললৈকে চলিব লগীয়া এছিয়াৰ সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱ থাপাই।

প্ৰতিযোগিতাখনত থাপাই ৬০ কিলোগ্ৰাম শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল।

খেলুৱৈগৰাকীৰ বৰ্তমানৰ ছন্দলৈ চালে আগন্তুক চেম্পিয়নশ্বিপত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অলপতে ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টত অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

বেংককলৈ যোৱাৰ পূৰ্বে প্ৰতিভাৱান বক্সাৰ তথা অৰ্জুন বঁটা বিজয়ী শিৱ থাপাই আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে প্ৰতিযোগিতাখনত যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰে।

উল্লেখ্য যে উক্ত প্ৰতিযোগিতাখনত অসমৰ আৰু এগৰাকী বক্সাৰে অংশ গ্ৰহণ কৰিব। ভাৰতীয় মহিলা বক্সিং দলত স্থান লাভ কৰা বক্সাৰগৰাকী হ’ল লাভলিনা বৰগোহাঁই।

Related News