NORTHEAST NOW (Assamese)

‘উচটনিমূলক ভাষণ’ৰ বাবে শলঠেকত প্ৰজ্ঞা সিং ঠাকুৰ; সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু গোচৰ

December 29, 2022 12:01 pm · এন ই নাও নিউজ, গুৱাহাটী

বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি সাংসদগৰাকীয়ে হিন্দুসকলৰ ঘৰত অস্ত্ৰ ৰখাৰ বিধান দি সমস্যাত পৰিছে। তেওঁৰ বিৰুদ্ধে কৰ্ণাটকৰ শিৱমোগা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। বিজেপি শাসিত কৰ্ণাটকৰ আৰক্ষীয়ে প্ৰজ্ঞাৰ বিৰুদ্ধে উচটনিমূলক ভাষণ দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিছে।

বুধবাৰে কৰ্ণাটকৰ শিৱমোগা জিলাত বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হয়। শিৱমোগা জিলা কংগ্ৰেছ সমিতিৰ সম্পাদক সুন্দ্ৰেশৰ অভিযোগৰ ভিত্তিত ঠাকুৰৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়ক: Fight in Flight: কলকাতা-বেংকক বিমানত মাজ আকাশতে মাৰপিটত লিপ্ত যাত্ৰী; চাওক ভাইৰেল ভিডিঅ’

ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিৰুদ্ধে আইপিচিৰ ১৫৩ এ, ১৫৩বি, ২৬৮, ২৯৫এ, ২৯৮, ৫০৪ আৰু ৫০৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

প্ৰজ্ঞা ঠাকুৰে দেওবাৰে কৰ্ণাটকত হিন্দু জাগৰণ মঞ্চৰ এখন সন্মিলনত অংশ লৈছিল। তেওঁ কৈছিল যে কোনোৱে যদি “আমাৰ ঘৰত অনধিকাৰ প্ৰৱেশ কৰে” তেওঁলোকক উপযুক্ত প্ৰত্যুত্তৰ দিয়ক। তেওঁ লগতে কয়, “আপোনাৰ ঘৰত এটা অস্ত্ৰ ৰাখিব আৰু আন একো নহ’লেও অন্ততঃ পাচলি কটা চুৰিখন ধাৰ দি ৰাখিব… নাজানো কেতিয়া পৰিস্থিতি আহে..! সকলোৰে আত্মৰক্ষাৰ অধিকাৰ আছে। যদি কোনোবাই অনুপ্ৰৱেশ কৰে আৰু আমাক আক্ৰমণ কৰে, তেন্তে উপযুক্ত প্ৰত্যুত্তৰ দিয়াটো আমাৰ অধিকাৰ। কিয়নো কেতিয়া কি পৰিস্থিতিৰ উদ্ভৱ হয় তাৰ ঠিকনা নাই।”

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, “মানুহে এনে ধৰণৰ উচটনিমূলক মন্তব্য গ্ৰহণ নকৰে।” কংগ্ৰেছে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিব দিয়ে ৰমেশে। জয়ৰাম ৰমেশে অভিযোগ কৰে যে কৰ্ণাটকৰ শিৱমোগাৰ এক অনুষ্ঠানত বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰৰ মন্তব্য ঘৃণামূলক ভাষণৰ জলন্ত উদাহৰণ।

Related News