NORTHEAST NOW (Assamese)

ছানিয়া ৰাণ আউট! ক্ৰীজত নতুন সংগীৰে ইনিংছ আগবঢ়োৱাৰ প্ৰচেষ্টা ছোৱেইবৰ

January 20, 2024 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰীড়া জগতত এসময়ত এক জনপ্ৰিয় সাংসাৰিক যুটী হৈ পৰিছিল ছানিয়া-ছোৱেইবৰ যুটী। দুয়োৰে প্ৰেমৰ মুখৰোচক খবৰে প্ৰায়েই দখল কৰিছিল সংবাদ শিৰোনাম। পিছে সেয়া হঠাতে হৈ পৰিল অতীত।

এসময়ত প্ৰেমৰ বাবে চৰ্চিত ছানিয়া-ছোৱেইবৰ যুটী শেহতীয়াকৈ হৈ পৰিল বিচ্ছেদৰ খবৰৰ বাবেহে চৰ্চাৰ বিষয়। শেহতীয়াকৈ প্ৰায়ে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত ঠাই পাইছিল দুয়োৰে মাজৰ বিচ্ছেদৰ খবৰে।

তাৰ মাজতে আজি নিশ্চিত হয় তেওঁলোকৰ বিচ্ছেদৰ খবৰ। ভাৰতীয় জীয়ৰী ছানিয়া মিৰ্জাৰ সৈতে সংসাৰৰ ইতি পেলাই নতুন সংগীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিক।

পাকিস্তানইি অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিয়াত বহিল মালিক। সামগ্ৰীকভাৱে এয়া মালিকৰ তৃতীয় বিবাহ। প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীৰ সৈতে দ্বিতীয়গৰাকী সাংসাৰিক সংগী ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই কৰিছে ‘একপক্ষীয় বিবাহ বিচ্ছেদ’।

পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ মতে, এগৰাকী মুছলমান মহিলাই স্বামীৰ সৈতে একপক্ষীয়ভাৱে বিবাহ বিচ্ছেদ কৰা ‘খুলা’ নিয়মৰ আধাৰত ছোৱেইব মালিকৰ সৈতে বিচ্ছেদ ঘটায় ছানিয়া মিৰ্জাই। উল্লেখ্য যে ২০১০ চনত দুয়ো বিয়াত বহিছিল।

যোৱা বুধবাৰে ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰামত এক বিশেষ পোষ্ট দিছিল। এই ৰহস্যময় পোষ্টটোৱে ছোৱেইব মালিকৰ সৈতে ছানিয়া মিৰ্জাৰ সম্ভাৱ্য বিবাহ বিচ্ছেদক লৈ যথেষ্ট সৰৱ চৰ্চাৰ সৃষ্টি কৰিছিল।

তাৰ মাজতে আজি মালিকে ইনষ্টাগ্ৰামত নতুন পত্নী ছানা জাভেদৰ সৈতে ফটো শ্বেয়াৰ কৰে। মালিকৰ এই ফটোৱে নিশ্চিত কৰে দুয়োৰে মাজৰ বিচ্ছেদৰ খবৰ।

Related News