সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী: ১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ

ধৰ্মৰ নামত সমাজক ভাগ ভাগ কৰি ৰাজনীতিৰ মৌজোল খাই থাকিব বিচৰা একাংশ নেতাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে দেশৰ তেৰটাকৈ ৰাজনৈতিক দল।

সেই দলসমূহৰ ভিতৰত কংগ্ৰেছ, তৃণমূল কংগ্ৰছকে ধৰি আন কেইবাটাও দল আছে।

সাম্প্ৰাদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোদীৰ মন্তব্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰিও হতাশ হ’বলগীয়া হৈছে এই তেৰটা বিৰোধী ৰাজনৈতিক দলৰ নেতাসক। সেইবাবেই আজি তেওঁলোকে মোদীৰ মৌনতাক ধিক্কাৰ দি এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটো দেশত শেহতীয়াকৈ ঘটা সাম্প্ৰাদায়িক ঘটনাসমূহকলৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। বিবৃতিটোত স্বাক্ষৰ কৰা সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান নেতা-নেত্ৰী হৈছে ক্ৰমে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ,তামিলনাডু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে এম কে ষ্টেলিন আৰু হেমন্ত সোৰেনে আদি।

বিবৃতিটোত কোৱা হৈছে—’আমি প্ৰধানমন্ত্ৰীৰ নীৰৱতাত হতবাক হৈছো, যিসকলে গোড়ামিৰ ধাৰণা বিয়পাই দিছেতেওঁলোকৰ কথা আৰু কাৰ্যৰ বিৰুদ্ধে মোদীয়ে এষাৰো মাত মতা নাই। কিছুমান গোড়া লোকৰ কথা আৰু কাৰ্য্যই আমাৰ সমাজক উত্তেজনাৰ সৃষ্টি কৰে। আমি বিভেদকামী মতাদৰ্শৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।

উল্লেখ্য ইয়াৰ পূৰ্বেও ঘৃণা ভৰা ভাষণৰ বিৰুদ্ধে শতাধিক লোকে মোদীলৈ চিঠি লিখিছিল।

হৰিদ্বাৰত অনুষ্ঠিত ‘ধৰ্ম সংসদ’ত একাংশ বক্তাই দিয়া উচটনিমূলকআৰু ঘৃণা ভৰা ভাষণক দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সশস্ত্ৰ বাহিনীৰ পাঁচজন প্ৰাক্তন মুৰব্বী আৰু আমোলাসহ আন কেইবাজনো বিশিষ্ট নাগৰিকে শেহতীয়াকৈ ঘৃণামূলক ভাষণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল আৰু এই বিষয়ত উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

পত্ৰ খনত শেহতীয়াকৈ হৰিদ্বাৰত এক অনুষ্ঠানত কৰা সাম্প্ৰদায়িক মন্তব্যৰ কথা উল্লেখ কৰা হৈছিল আৰু এনে ধৰণৰ প্ৰৰোচনামূলক মন্তব্যই দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰা হৈছিল।

পত্ৰ খনত কোৱা হৈছিল —’আমি ঘৃণা ভৰা এনে ধৰণৰ হিংসাত্মক প্ৰৰোচনাক সমৰ্থন জনাব নোৱাৰো – এনে মন্তব্য সমূহে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকে লগতে কয়, ” সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰৰ ভিতৰত যিকোনো শান্তি আৰু সম্প্ৰীতি ভংগ হ’লে সেই কাৰ্যই বাহ্যিক শক্তিক উৎসাহিত কৰিব।”

পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল (অৱসৰপ্ৰাপ্ত) এল ৰামদাস, এডমিৰেল (অৱসৰপ্ৰাপ্ত) বিষ্ণু ভাগৱত, এডমিৰেল (অৱসৰপ্ৰাপ্ত) অৰুণ প্ৰকাশ আৰু এডমিৰেল (অৱসৰপ্ৰাপ্ত) আৰ কে ধাৱান আদি ব্যক্তিসকল।