NORTHEAST NOW (Assamese)

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

July 19, 2025 3:46 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

বজালী জিলাৰ সৰুপেটাত  সংঘটিত হৈছে এক পৈশাচিক কাণ্ড। এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে।

সূত্ৰ অনুসৰি, হত্যাকাৰীয়ে এই ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

আৰক্ষীৰ মতে, অভিযুক্ত আৰিফ আহমেদক জিম্মাত লোৱা হৈছে। খবৰ অনুসৰি যুৱতীগৰাকীয়ে শেহতীয়াকৈ এটা নতুন সম্পৰ্ক আৰম্ভ কৰিছিল, যিটো আৰিফে মানি লব পৰা নাছিল। ঈৰ্ষা আৰু খঙৰ বশঃৱৰ্তী হৈ আৰিফে অতীতৰ সম্পৰ্কৰ অন্তৰংগ ফটো ব্যৱহাৰ কৰি যুৱতীগৰাকীক ব্লেকমেইলিং কৰি আহিছিল।

বিগত ১৫ বছৰ ধৰি আৰিফৰ বাসগৃহৰ ওচৰত বাস কৰি আহিছিল যুৱতীগৰাকীৰ পৰিয়াল। ঘটনাৰ নিশা প্ৰায় ৪ বজাত আৰিফে যুৱতীগৰাকীক ঘৰৰ বাহিৰলৈ মাতি আনি ধৰ্ষণ কৰাৰ লগতে ডিঙি চেপি হত্যা কৰে।

এই অপৰাধ ঢাকি ৰখাৰ বাবে আৰিফে কোঠা এটাত চিলিং ফেনত মৃতদেহ ওলোমাই নিজৰ হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা চলায়। অৱশ্যে ঘটনাস্থলীত তদন্তৰ সময়ত বজালী আৰক্ষীয়ে সত্য উন্মোচন কৰে।

ইতিমধ্যে অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।

Related News