• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌন সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল; ৯ বৌদ্ধ সন্যাসীৰ পৰা কোটি কোটি টকা সৰকালে সুন্দৰীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2025 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অভূতপূৰ্ব কেলেংকাৰীয়ে কঁপাই তুলিছে থাইলেণ্ডৰ বৌদ্ধ সম্প্ৰদায়ক। ‘মিছ গ’ল্ফ’ নামেৰে পৰিচিত উইলাৱান মছাৱাট নামৰ এগৰাকী ৩০ বছৰীয়া মহিলাৰ বিৰুদ্ধে কমেও ৯ জন প্ৰভাৱশালী বৌদ্ধ সন্ন্যাসীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি তাৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ অশ্লীল ফটো আৰু ভিডিঅ’ৰে ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছে।

সুন্দৰীৰ ফান্দত পৰি ইটোৰ পিছত সিটো মন্দিৰৰ গোপন ধন আত্মসাৎ কৰা বুলি তদন্তত জানিব পৰা গৈছে। বেংককৰ এজন প্ৰসিদ্ধ উচ্চ পদস্থ সন্ন্যাসীয়ে হঠাতে মঠৰ জীৱন এৰি যোৱাৰ পৰাই এই ঘটনা আৰম্ভ হয়। তদন্তত প্ৰকাশ পাইছে যে উইলাৱানে তেওঁক ভুৱা গৰ্ভধাৰণৰ কথা জনাই তেওঁৰ পৰা ৭২ লাখ থাই বাট (প্ৰায় ২.২২ মিলিয়ন ডলাৰ) দাবী কৰিছিল। এই মানসিক চাপত সন্ন্যাসীয়ে মঠৰ জীৱন এৰি থৈ গ’ল। তেতিয়াই আৰক্ষী সন্দেহ ওপজে আৰু তদন্ত আৰম্ভ হ’ল।

Apply Now

তদন্তত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে উইলাৱানৰ ঘৰত তালাচী চলাই ৮০ হাজাৰতকৈ অধিক পৰ্ণগ্ৰাফিক ফটো আৰু ভিডিঅ’ উদ্ধাৰ কৰে, যাৰ অধিকাংশই আছিল দেশৰ বিভিন্ন প্ৰান্তৰ মঠত কাম কৰা সন্ন্যাসীসকলৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্কৰ প্ৰমাণ। এই ভিডিঅ’ আৰু ফটোবোৰ ব্যৱহাৰ কৰি তেওঁ ধন দাবী কৰিছিল।

আৰক্ষীয়ে দাবী কৰিছে যে তেওঁ কমেও ৩৮৫ মিলিয়ন থাই বাট (প্ৰায় ১১.৯ মিলিয়ন ডলাৰ) আত্মসাৎ কৰিছিল, যাৰ বহুখিনি মন্দিৰৰ অনুদান বাকচৰ পৰা আহিছিল। উত্তৰ থাইলেণ্ডৰ এটা বিখ্যাত মঠৰ সমগ্ৰ বেংক বেলেঞ্চ উইলাৱানৰ একাউণ্টলৈ ট্ৰেন্সফাৰ হোৱা বুলিও খবৰ ওলাইছে।

আচৰিত কথাটো হ’ল এই বৃহৎ পৰিমাণৰ ধনৰ অধিকাংশই অনলাইন জুৱা চাইটলৈ গৈছিল। অভিযুক্ত মহিলাগৰাকীয়ে মূলতঃ ছ’চিয়েল মিডিয়াত সন্ন্যাসীসকলৰ সৈতে যোগাযোগ কৰি ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু তাৰ পিছত ধন দাবী কৰিছিল।

এজন সন্ন্যাসীয়ে কৈছে যে উইলাৱানৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল আৰু আনকি তেওঁৰ পৰা এখন গাড়ীও পাইছিল। পিছত যেতিয়া তেওঁ গম পালে যে উইলাৱান আন এজন সন্ন্যাসীৰ সৈতেও জড়িত হৈছে, তেতিয়াই সম্পৰ্কৰ অৱনতি ঘটে আৰু ব্লেকমেইল আৰম্ভ হ’ল।

এই কাণ্ডৰ পিছতে থাইলেণ্ডৰ ৰজা মহা বাজিৰালংকৰ্ণে এই কাণ্ডত সমগ্ৰ দেশৰ বৌদ্ধ সম্প্ৰদায়ৰ যি “গভীৰ ক্ষতি আৰু লজ্জা” হৈছে তাৰ অপৰাধত ৮১ জন সন্ন্যাসীৰ ৰাজকীয় উপাধি কাঢ়ি লয়।

ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ফুমথাম উইচাচাইয়ে ইতিমধ্যে জৰুৰী সংস্কাৰৰ কথা ঘোষণা কৰিছে। এই ব্যৱস্থাসমূহৰ ভিতৰত আছে মন্দিৰৰ বিত্তীয় ব্যৱস্থাৰ ওপৰত নিৰীক্ষণ বৃদ্ধি, সন্ন্যাসীসকলৰ বাবে কঠোৰ নিয়ম আৰু অভিযোগ দাখিল কৰিব পৰাকৈ ফেচবুক হটলাইন খোলা। থাইলেণ্ডৰ সৰ্বোচ্চ ধৰ্মীয় সংস্থা সংঘ উচ্চতম পৰিষদে মঠ পৰিচালনাৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে আৰু বিশেষ তদন্ত সমিতি গঠন কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, উইলাৱানৰ ফোনত আন বহু সন্ন্যাসীৰ নাম পোৱা গৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। উইলাৱানৰ বিৰুদ্ধে ধন সৰবৰাহ, ব্লেকমেইল, জালিয়াতি আৰু প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ ফলত থাইলেণ্ডৰ বহু লোকে বৌদ্ধ সন্ন্যাসীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। বহুতে ছ’চিয়েল মিডিয়াত সুধিছে, “এতিয়া সন্যাস কেৱল পোছাকৰ বিষয় নেকি?” আন এজনে লিখিছে, “মই গোটেই জীৱন যিসকলৰ পৰা পৰামৰ্শ লৈছো তেওঁলোক নিজেই  চৰিত্ৰহীন!”

এই হানী ট্ৰেপ কাণ্ডটো কেৱল এগৰাকী নাৰীৰ ফান্দ নহয়, বৌদ্ধ মঠৰ ভিতৰত নিয়ন্ত্ৰণহীন ক্ষমতা আৰু অৰ্থনৈতিক দুৰ্নীতিৰ এক নগ্ন উদাহৰণ হৈ পৰিছে। থাইলেণ্ডৰ ধৰ্ম আৰু নৈতিকতাক লৈ এতিয়া সমগ্ৰ দেশখনে প্ৰশ্নৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd