গুৱাহাটীলৈ চপাৰ্চ ষ্টপৰ আগমনত অভিভূত বৰষাৰাণী বিষয়া

Actress Barsha Rani Bishaya at Shoppers Stop Guwahati during Sounds of Guwahati.

গুৱাহাটীৰ চপাৰ্চ ষ্টপত বৰষাৰাণী বিষয়া। ছবি সৌজন্য-- চপাৰ্চ ষ্টপ।

গুৱাহাটীৰ চিটি চেন্টাৰ নামৰ মলটোত শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি হৈছে চপাৰ্চ ষ্টপৰ প্ৰথমখন বিপণী।

কাপোৰ-কানি আৰু সৌন্দৰ্য্য সামগ্ৰীৰ বিপণীটোৰ গুৱাহাটী আগমনত অসমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া অভিভূত হৈ পৰিছে।

“গুৱাহাটীত চপাৰ্চ ষ্টপৰ পদাৰ্পণত মই অভিভূত হৈ পৰিছো। এতিয়াৰেপৰা আমি আমাৰ একেবাৰে নিজৰ মহানগৰখনত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু বিশ্ব-শ্ৰেণীৰ শ্বপিঙৰ অভিজ্ঞতাৰ সোৱাদ লাভ কৰিম। এখন ওৱান-ষ্টপ শ্বপ হোৱাৰ বাবে, এখন চালৰ তলত মোৰ সাজ-পোছাক, প্ৰসাধনৰ সামগ্ৰী, জোতা-চেণ্ডেল আৰু আন ফেশ্বন সম্পৰ্কীয় বস্তুত চকু ফুৰাবলৈ মোৰ বাবে ই অতি সুবিধাজনক হৈ উঠিব। মই নিশ্চিত যে অসমৰ গ্ৰাহকসকলেও চপাৰ্চ ষ্টপৰ বিপণীলৈ আহি লাভান্বিত আৰু আনন্দিত হ’ব,” বিষয়াৰ মন্তব্য।

বিপণী মুকলি অনুষ্ঠানটোত “সৌষ্ঠৱ বৃদ্ধি”ৰ বাবে অভিনেত্ৰীগৰাকী উপস্থিত আছিল।

ভাৰতৰ ৪০খন মহানগৰত বিপণী থকা চপাৰ্চ ষ্টপৰ এইখন হৈছে ৮৪সংখ্যক বিপণী।

তাৰোপৰি মুকলি অনুষ্ঠানটোতে চপাৰ্চ ষ্টপে “চাউণ্ডচ অৱ গুৱাহাটী-বি দ্য চিঙগিং চুপাৰষ্টাৰ!” শীৰ্ষক এক কাৰ্যসূচীও অনুষ্ঠিত কৰে।

কাম্পেনিটোৰ মতে ই এক “অনন্য” উদ্যোগ আৰু ইয়াত তেওঁলোকে “সকলো উচ্চাকাংক্ষী সংগীত শিল্পীসকলক নিঃসংকোচে আহি আৰু তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এক ডাঙৰ সুযোগ দিয়ে।”

যোৱা এমাহত বিপণীখনত অনুষ্ঠিত হোৱা “অডিশ্যনৰ কঠিন ৰাউণ্ডৰ জৰিয়তে” নিৰ্বাচিত শীৰ্ষ দহগৰাকী গায়কে শুকুৰবাৰৰ অনুষ্ঠানটোত “গুৱাহাটী মহানগৰলৈ উৎসৰ্গিত উচ্চ ভাৱপূৰ্ণ এটি গীত গাবলৈ একেলগে ওলাই আহে।”

এটি স্থানীয় বেণ্ডৰ সহযোগিতাত আয়োজিত লাইভ অনুষ্ঠানটোত গায়কসকলে “প্ৰতিভা আৰু প্ৰশংসনীয় প্ৰৰ্দশনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম” হোৱা বুলি চপাৰ্চ ষ্টপৰ বিবৃতিত প্ৰকাশ। “এই কাৰ্যসূচীৰ জৰিয়তে চপাৰ্চ ষ্টপে গুৱাহাটীৰ চহকী সাংগীতিক ঐতিহ্য আৰু সংস্কৃতিক সজীৱ কৰি তোলে।”

অনুষ্ঠানটোত অভিনেত্ৰী বৰষাৰাণীয়ে উক্ত সংগীত শিল্পীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনায়।

অনুষ্ঠানত, চপাৰ্চ ষ্টপৰ কাষ্টমাৰ কেয়াৰ সহযোগী, মুখ্য বিপণন আৰু কাষ্টমাৰ বিষয়া উমা তালৰেজাই কয়, “উত্তৰ পূৰ্বাঞ্চলত এখন বজাৰ আছে যি আমাৰ পৰিধিৰপৰা লুকাই আছিল আৰু আমি ভাবো যে গুৱাহাটীত আমাৰ ব্যৱস্থা আৰু গ্ৰাহকসকলৰ মাজত এক ভাল সংযোগ হৈ পৰিব। ই এখন ইয়ং মাৰ্কেট আৰু আমি উপভোক্তাক আমাৰ বিপণীলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট কাৰণ নিশ্চিতি দিব খুজিছো আৰু আমাৰ বিপণীত তেওঁলোকে শ্ৰেষ্ঠ ব্ৰেণ্ড আৰু সেৱাৰে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰিব। চাউণ্ডচ অৱ গুৱাহাটী আমাৰ প্ৰথম অভিযান যিয়ে আমাক যুৱ প্ৰজন্মৰ পছন্দ আৰু আগ্ৰহৰ অতি ওচৰ চপাই আনিব আৰু আমি আগ্ৰহী যে যুৱ প্ৰজন্মৰ কাৰণে তেওঁলোকৰ সপোনে আমাৰ ব্ৰেণ্ডৰ জৰিয়তে উন্নতিৰ জখলাত বগাবলৈ আমি এক প্লেটফৰ্ম হৈ পৰিম।”

গুৱাহাটীৰ চিটি চেন্টাৰ মলত অৱস্থিত এই বিপণীখন ৩টা মহলাৰ প্ৰায় ৪৪,000 বৰ্গফুট এলেকা জুৰি আছে আৰু “এখন চালৰ তলতে অতি পৰিস্ফূট আৰু অপেক্ষণীয় ব্ৰেণ্ডসমূহ আছে। চপাৰ্চ ষ্টপৰ এই নতুন বিপণীখনত ইয়াৰ এক্সক্লুচিভ ব্ৰেণ্ড ষ্টপ, লাইফ, ভেট্ট’ৰিঅ’ ফ্ৰেটিনি, ফ্ৰেটিনি ৱ’মেন, হাউট কাৰি আৰু কাশিষৰ অধীনত সমগ্ৰ কেটেগৰীৰ পণ্যদ্ৰব্যৰ বিস্তীৰ্ণ প্ৰকাৰসমূহ উপলব্ধ হ’ব।”

তেওঁলোকে লগতে জনায়, “চপাৰ্চ ষ্টপৰ ফাৰ্ষ্ট চিটিজেন লয়েল্টি প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীত গ্ৰাহকে তালিকাভুক্ত কৰিবলৈ আৰু লাভান্বিত হ’বলৈও সক্ষম হ’ব, যি দেশৰ এক ঈপ্সিত লয়েল্টি প্ৰগ্ৰেম যাৰ ৬ মিলিয়ন সদস্যৰ বিকশিত ভিত্তি আছে। এই কাৰ্যক্ৰমৰ অধীনত, ফাৰ্ষ্ট চিটিজেন মেম্বাৰশ্বিপৰ কাৰণে চাইন আপ কৰা গ্ৰাহকে সকলো বিপণীতে এক্সক্লুচিভ ফাৰ্ষ্ট চিটিজেন লাউঞ্জ, কেছ কাউন্টাৰত পোনপটীয়াকৈ তেওঁলোকৰ ৰিৱাৰ্ড পইন্ট খালচ কৰাৰ সুবিধা, গ’ল্ডেন গ্ল’ সদস্যৰ কাৰণে এক্সক্লুচিভ কেছ কাউন্টাৰ, চেল আৰু আন বাৰ্ষিক অফাৰৰ এক্সক্লুচিভ প্ৰিভিউৰ দৰে বিভিন্ন অফাৰ আৰু বিশেষ বিশেষাধিকাৰ লাভ কৰিব।”