NORTHEAST NOW (Assamese)

দেশত গাড়ীৰ নাটনি! ৭ লাখ গ্ৰাহকে মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হৈছে ফৰমাইচ দিয়া গাড়ী খনৰ বাবে

December 17, 2021 3:27 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশত গাড়ীৰ নাটনি হৈছে নেকি? যাৰ বাবে দেশৰ প্ৰায় ৭ লাখ গ্ৰাহকে বুক কৰাৰ পিছতো ঘৰ সোমাব পৰা নাই নিজৰ ফৰমাইচ দিয়া গাড়ী খন।

ভাৰতত শেহতীয়াকৈ গাড়ীৰ চাহিদা বৃদ্ধি পাইছে। গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ তুলনাত দেশত বৃদ্ধি পোৱা নাই দৈনিক গাড়ী উৎপাদনৰ সংখ্যা। সেয়ে বুকিঙৰ পিছতো বহু গ্ৰাহকে তেওঁৰ গাড়ী খনৰ বাবে বাট চাবলগীয়া হৈছে।

ভাৰতত শেহতীয়াকৈ বুকিঙৰ পিছত গ্ৰাহকক গাড়ীৰ ডেলিভাৰী দিয়াত অস্বাভাৱিক ভাবে সময় বৃদ্ধি পাইছে। সেয়ে দেশৰ প্ৰায় ৭ লাখ গ্ৰাহকে পছন্দৰ গাড়ী খন বুকিং কৰাৰ পিছতো মাহৰ পিছত মাহ ধৰি ডেলিভাৰীৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে। ভাৰতত লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা গাড়ী ডেলিভাৰীৰ সময় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

এই সময়ছোৱাত গাড়ীৰ উৎপাদন যথেষ্ঠ কমি গৈছিল। সেয়ে এতিয়া গ্ৰাহকৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে চাহিদা অনুসৰি কোম্পানী সমূহে গাড়ীৰ যোগান ধৰিব পৰা নাই।

গাড়ী নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা কেঁচামালৰ অভাৱৰ বাবেও গাড়ীৰ ডেলিভাৰীত বিলম্ব ঘটা বুলি ধাৰণা কৰা হৈছে। গাড়ী এখন বুকিং কৰাৰ পিছত সচৰাচৰ ২ ৰ পৰা ৪ মাহ গ্ৰাহকে অপেক্ষা কৰিব লাগিছিল যদিও এতিয়া সেই সময় ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে। কিছু কিছু ক্ষেত্ৰত সেই সময় এবছৰ পৰ্যন্ত হোৱাও দেখা গৈছে।

মাৰুতি কোম্পানীৰ অপেক্ষাৰ তালিকাত থকা গ্ৰাহকৰ সংখ্যা হৈছে প্ৰায় ২.১৫ লাখ। মাৰুতিৰ লগতে হুণ্ডাই,মহিন্দ্ৰা,টাটা মটৰ্ছ আদি কোম্পানীতো অপেক্ষাৰ তালিকাত থকা গ্ৰাহকৰ তালিকা খন ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে। মাৰুতি ছুজুকী ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেনিচি আয়ুকায়াই ,হুণ্ডাইৰ পৰিচালন সঞ্চালক এছ এছ কিমোই গ্ৰাহকক সময় মতে গাড়ী যোগান ধৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে।

Related News