“জাতিৰ লগত compromise নহ’ব”, আদালতলৈ আনোতে কৈ গ’ল শৃংখলে; সংগ্ৰাম জোৰদাৰ কৰিবলৈ আহ্বান ধৈৰ্য্য কোঁৱৰৰ

আদালতত হাজিৰ শৃংখল চলিহা আৰু ধৈৰ্য্য কোঁৱৰসহ কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ৪জন নেতাক

CAA-বিৰোধী আন্দোলনক সুকীয়া মাত্ৰা দিয়া “বীৰ লাচিত সেনা”ৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাক আজি আৰক্ষীয়ে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।

চলিহাক যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত এখন CAA-বিৰোধী প্ৰতিবাদী সভাৰ পৰা শিৱসাগৰলৈ আহি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ ভাষ্যমতে, গুৱাহাটীৰ এটা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত তেওঁক গুৱাহাটীলৈ অনা হয়।

তেওঁৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আজি চি আই ডিয়ে চলিহাক ১৪ দিনৰ বাবে জিম্মাত বিচাৰে যদিও আদালতে ২দিনৰ বাবেহে অনুমতি দিয়ে।

আদালতলৈ অনাৰ সময়ত যুৱ নেতাজনে কম সময়ৰ ভিতৰতে সংবাদ মাধ্যমক চিঞৰি চিঞৰি কয়, “জাতিৰ লগত compromise নহ’ব”।

“সংগ্ৰাম কৰিছো এইবোৰ থাকিবই” বুলি মন্তব্য কৰি তেওঁ সকলোকে আন্দোলন চলাই নিবলৈ আহ্বান জনায় কয়, “অসমবাসীয়ে “কা”ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখক। জোৰদাৰ সংগ্ৰাম কৰক”।

চলিহাৰ অধিবক্তা শান্তনুৰাজ গগৈয়ে যুৱনেতাজনৰ গ্ৰেপ্তাৰক অন্যায় আৰু পক্ষপাতমূলক বুলি কয়। মিছা অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা বুলিও অভিবক্তাজনৰ দাবী।

তেওঁ কয়, “আন্দোলনত কিছু কথা ক’ব লগীয়া হয় আৰু কয়েই। চলিহাই কোৱা কথাবোৰ আনবোৰেও কৈ আছে। কিন্তু চলিহাক পক্ষপাতমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে”।

ইপিনে, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজন নেতা ক্ৰমে, সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ আৰু কৃষক মুক্তিৰ লক্ষ্যজিৎ গগৈকো আদালতত হাজিৰ কৰোৱা হয়৷

এওঁলোক চাৰিওজনকে CAA-বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰিছিল আৰু আটাইকেইজন ন্যায়িক জিম্মাত আছিল। আদালতে আজি তেওঁলোকক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে।

ধৈৰ্য্য কোঁৱৰে তেওঁলোকৰ গ্ৰেপ্তাৰক “ষড়যন্ত্ৰমূলক” আখ্যা দি নাগৰিকত্ব (সংশোধন) আইনখনৰ বিৰোধিতা কৰা বাবেই চৰকাৰৰ এই দমন বুলি কয়।

আদালতলৈ অনাৰ সময়ত তাৎপৰ্য্যপূৰ্ণ মন্তব্য ধৈৰ্য্য কোঁৱৰৰ, “এই আন্দোলন ৰাষ্ট্ৰৰ এজেণ্টসকলৰ হাতত পৰি স্তব্ধ হ’বলৈ নিদিব”।

তেওঁ আইনখন বাতিলৰ দাবীত হোৱা প্ৰতিবাদ, সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।

অসম গণ পৰিষদক বহিষ্কাৰ কৰিবলৈও ৰাইজলৈ আহ্বান জনালে কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে।