NORTHEAST NOW (Assamese)

IPL-2024: বিৰাট নাটক! শেষ মহূৰ্তত মুম্বাইয়ে কাঢ়ি লৈ গ’ল হাৰ্দিকক; গুজৰাটৰ নতুন অধিনায়ক গীল?

November 27, 2023 9:51 am · এন ই নাও নিউজ, গুৱাহাটী
হাৰ্দিক পাণ্ডিয়া আৰু শুভমন গীল। ফাইল ফটোঃ সংগ্ৰহীত।

দেওবাৰৰ নিশা চলিল বিৰাট নাটক। মূল চৰিত্ৰত হাৰ্দিক পাণ্ডিয়া। পৰৱৰ্তী আই পি এল (আই পি এল ২০২৪)ত কোনটো দলৰ হৈ খেলিব? তাক লৈ যেন জট ভাঙিবই খোজা নাই। ট্ৰেড উইণ্ডোৰ শেষ দিনটোত গুজৰাট টাইটানছে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে হাৰ্দিক পৰৱৰ্তী ছিজনত তেওঁলোকৰ নেতা।

কিন্তু দুঘণ্টামানৰ ভিতৰতে পৰিস্থিতি সলনি হৈ পৰিল। শুনা গ’ল যে মুম্বাই ইণ্ডিয়ানছে তাৰকা অল ৰাউণ্ডাৰগৰাকীক লৈ গ’ল​​। এনে এক অস্থিৰ পৰিস্থিতিৰ মাজতে সন্মুখলৈ আহিল গুজৰাট দলৰ নতুন অধিনায়কৰ নাম।

হাৰ্দিক পাণ্ডিয়াক চুক্তিবদ্ধ কৰাৰ সন্দৰ্ভত এতিয়ালৈকে মুম্বাই ইণ্ডিয়ানছৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু খবৰটো হ’ল মুম্বাই আৰু গুজৰাটৰ ফ্ৰেঞ্চাইজি মেনেজাৰৰ উপস্থিতিত এই মেগা ট্ৰেন্সফাৰ সম্ভৱপৰ হৈছে।

লগতে পঢ়কঃ বিশ্বকাপ অতীত! বেটে-বলে দুৰ্দান্ত ফৰ্মত টীম ইণ্ডিয়া; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টী-২০তো জয় ভাৰতৰ

পূৰ্বে শুনা গৈছিল যে হাৰ্দিকক মুম্বাইয়ে লৈ গ’লেও বিনিময়ত গুজৰাটে কোনো ক্ৰিকেটাৰক নলয়। তাৰ পৰিৱৰ্তে তেওঁলোকে লব ১৫ কোটি টকা। অৱশ্যে দেখা যায় যে হাৰ্দিকক গুজৰাটেই ধৰি ৰাখিছে।

কিন্তু তাৰ পিছত শুনা গ’ল যে গুজৰাটৰ প্ৰস্তাৱ গ্ৰহণ কৰি মুম্বাইয়ে হাৰ্দিকক দলত লৈছে। ফলত গুজৰাটৰ অধিনায়ক পদ খালী হৈ পৰিছে। গতিকে যদি সকলো ঠিকে থাকে তেন্তে অহা ছিজনত আই পি এলৰ এবাৰৰ চেম্পিয়ন দলটোক নেতৃত্ব দিব শুভমন গীলে।

হাৰ্দিকৰ সৈতে মুম্বাইৰ লিখিত চুক্তি হৈ গৈছে নেকি? বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলে এতিয়াও এই সন্দৰ্ভত কোনো কথা কোৱা নাই। অৱশ্যে ব’ৰ্ডৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে সন্ধিয়া ৫ বজাত সকলো চুক্তি চূড়ান্ত কৰা হৈছে।

হাৰ্দিকক পাবলৈ ৰোহিতৰ দলটোক বিপুল ধনৰ প্ৰয়োজন হৈছিল। যাৰ বাবে তেওঁলোকে অলৰাউণ্ডাৰ কেমেৰন গ্ৰীনক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। গ্ৰীনে আৰচিবিৰ হৈ চুক্তিবদ্ধ হৈছে। তেওঁক মুম্বাইয়ে ১৭.৫ কোটি টকাত কিনিছিল। আৰু সেই অৰ্থৰ বিনিময়তে মুম্বাইয়ে হাৰ্দিকক পাই আছে।

লগতে পঢ়কঃবিবাহিত জীৱনত ইজনে সিজনক সুখী আৰু সন্তুষ্ট কৰাৰ উপায় কি? চাওক চাণক্য নীতি

প্ৰথমবাৰৰ বাবে নেতৃত্ব দিয়ে হাৰ্দিকে গুজৰাটক চেম্পিয়ন কৰে। পিছৰ ছিজনত তেওঁ প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। সেই হাৰ্দিকৰ ঘৰলৈ প্ৰত্যাৱৰ্তন হ’বলৈ গৈ আছে! কিন্তু প্ৰশ্ন হয়, ৰোহিত শৰ্মাৰ নেতৃত্বত হাৰ্দিকে খেলিবনে? এনে বহু নাটকীয় মুহূৰ্ত এতিয়াও বাকী আছে! 

Related News