বন্ধ কৰক পথৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান! জয়ী হৈয়েই নিৰ্দেশ বিজেপি বিধায়কৰ

BJP MLA ordered to shut down non-veg stalls

কালি ঘোষিত নিৰ্বাচনী ফলাফলত ৰাজস্থানত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পথ মুকলি কৰে বিজেপিয়ে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ১৯৯ খন আসনৰ ভিতৰত দলটোৱে ১১৫ খন আসন লাভ কৰি বিজয় সাব্যস্ত কৰে।

ৰাজ্যখনত দলটোৰ এই বিজয়ৰ পাছত জয়পুৰৰ হাৱা মহল আসনৰ পৰা জয়ী হোৱা বিধায়ক বালমুকুন্দ আচাৰ্য তাৎক্ষণিকভাৱে নামি পৰে একপ্ৰকাৰে ‘ধৰ্ম ৰক্ষা’ৰ যুঁজত আৰু সমষ্টিটোৰ ৰাজপথত থকা সকলো আমিষ খাদ্যৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নৱনিৰ্বাচিত বিধায়কজনৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত বিজেপি বিধায়কগৰাকীয়ে এজন বিষয়াক ফোন কৰি সন্ধিয়াৰ ভিতৰত ৰাস্তাৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া দেখা গৈছে।

“ৰাস্তাত মুকলিকৈ আমিষ খাদ্য বিক্ৰী কৰিব পাৰিনে? হয় নে নহয় উত্তৰ দিয়ক। ৰাস্তাৰ কাষৰ সকলো আমিষ দোকান তৎক্ষণাত বন্ধ কৰি দিব লাগে। সন্ধিয়া আপোনাৰ পৰা এই বিষয়ে প্ৰতিবেদন ল’ম।”- বিষয়াগৰাকীক এইদৰে কয় বিজেপি বিধায়কগৰাকীয়ে।

ইফালে ভাইৰেল ভিডিঅ’টোক লৈ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কোনো লোকে এনে ধৰণৰ মন্তব্য কেনেকৈ কৰিব পাৰে বুলি প্ৰশ্ন কৰে। এই নিৰ্দেশক ‘ভুল’ আখ্যা দিয়ে ওৱাইচিয়ে।

ওৱাইচিয়ে লগতে কয় যে কোনো লোকেই এইদৰে আমিষ খাদ্যৰ দোকান বন্ধ কৰিব নোৱাৰে। “কোনোবাই যদি আমিষ খাদ্যৰ দোকান স্থাপন কৰিব বিচাৰে, তেতিয়া এয়া কেনেকৈ কোনো লোকে বন্ধ কৰিব পাৰে” বুলি প্ৰশ্ন তোলে AIMIMৰ মুৰব্বীজনে।

উল্লেখ্য যে, হাৱা মহল বিধানসভাৰ আসনত কংগ্ৰেছৰ আৰ আৰ তিৱাৰীক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰাৰ্থী বালমুকুন্দ আচাৰ্য। আচাৰ্যই মাত্ৰ ৬০০ ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিৰুদ্ধে।