NORTHEAST NOW (Assamese)

শিৱসাগৰত বিজেপিৰ নগৰ মহিলা মণ্ডলৰ সৌজন্যত ‘আইদেউৰ বুলনি’

February 3, 2020 6:44 am · পার্শ্বজোতি গগৈ
দিহানাম প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰী। ফটো: নৰ্থইষ্ট নাও

ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সহযোগত আৰু শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সৌজ্যনত দেওবাৰে আইদেউৰ বুলনি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

বিজেপিৰ শিৱসাগৰ জিলাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি প্ৰাইজমানি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সৰ্বমুঠ আঠটা দলে অংশ গ্ৰহণ কৰা উক্ত দিহানাম প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে ৰংপুৰ মহিলা চ’ৰা দিহানাম দলে, দ্বিতীয় স্থান লাভ কৰে জয়া মহিলা সমিতি দিহানাম দলে আৰু তৃতীয় স্থান লাভ কৰে শংকৰ মাধৱ দিহানাম দলে।

প্ৰথমস্থান লাভ কৰা দলক নগদ দহ হাজাৰ টকা, দ্বিতীয়স্থান প্ৰাপ্ত দলক নগদ সাত হাজাৰ আৰু তৃতীয় স্থান লাভ কৰা দলক নগদ পাঁচ হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়।

পুৰস্কাৰ বিতৰণ কৰে শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীয়ে। অনুষ্ঠানত শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, পৌৰসভাৰ সদস্যা বন্দনা কৌশিক বৰদলৈৰ লগতে নগৰ মণ্ডল মহিলা মৰ্চাৰ  বহু মহিলাই অংশ গ্ৰহণ কৰে।

দিহানাম প্ৰতিযোগিতাত বিচাৰক হিচাপে থাকে লক্ষিমী নেওগ আৰু নিৰ্মলা দাস।

Related News