বোকাখাতৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ চুৰিকাৰ্য্যৰ বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষীৰ চকুত ধুলি দি প্ৰায়ে একাংশ যুৱক চুৰি কাৰ্য্যত লিপ্ত হৈ আহিছে। ধনৰ লালসাত ড্ৰাগ আসক্ত এচাম যুৱক এনে কাৰ্য্যত জড়িত হৈ পৰিছে।
শনিবাৰে মাজনিশা বৰচাপৰিৰ গোলাপ আগৰৱালৰ দোকানত তলা ভাঙি সোমাই এটা যুৱকৰ দলে লুটপাত চলাই। চোৰৰ দলটোৱে দোকানত লগাই থোৱা চি চি কেমেৰাৰ সংযোগ বিচিন্ন কৰি দিয়ে।
সেই সময়তে গোলাপ আগৰৱালা দোকানত আহি চোৰৰ দলটোক দেখা পাই, অৱশ্যে আন্ধাৰৰ সুযোগলৈ দলটো পলাবলৈ লওতেই অৰিয়ন তাঁতী ওৰফে কমল নামৰ যুৱকজনক তেওঁ ধৰিবলৈ সক্ষম হয়।
আটক কৰা যুৱকজনৰ ঘৰ বিহৰাৰ বৰ লাইনত। আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ মতে চুৰি কাৰ্য্যত তেওঁৰ লগত লাডেন তাঁতী আৰু বিশাল তাঁতী নামৰ আন দুজন যুৱক জড়িত আছিল।
গোলাপ আগৰৱালৰ দোকানৰ উপৰি দলটোয়ে কুৰুৱাবাহী তিনিআলিৰ দীপক ভূঁ নামৰ ব্যৱসায়ী জনৰ দোকানতো চোৰ প্ৰৱেশ কৰিছিল।
ইফালে দেওবাৰে বিয়লি বোকাখাতৰ মাজ মজিয়াতে থকা নামদৈয়াং বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ চাইল চুৰিৰ বাবে চেষ্টা চলায় দুষ্কৃতিকাৰীয়ে। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত এয়া বিফল হয়।