শিৱসাগৰ জিলা উপায়ুক্তৰ অভব্য আচৰণৰ প্ৰতিবাদত সাংবাদিকৰ ধৰ্মঘট

IMG-20180828-WA0020

আজি দিনৰ ১১ বজাত শিৱসাগৰ জিলা  প্ৰশাসনৰ এক  অনুষ্ঠানলৈ সাংবাদিকক  নিমন্ত্ৰণ কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই অপদস্থ কৰিলে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথক৷ যাৰ বাবে শিৱসাগৰৰ সাংবাদিক বহিল প্ৰতিবাদত৷ সাংবাদিক সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট  পালন কৰাৰ লগতে এক প্ৰতিবাদী সভাৰো আয়োজন কৰে৷ সভাত শিৱসাগৰৰ সাংবাদিকসকলে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজিৰে পৰা   জিলা প্ৰশাসনৰ বা-বাতৰি বৰ্জন কৰাৰ লগতে ২৯ আগষ্টৰ পৰা এসপ্তাহ ক’লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ অভব্য আচৰণৰ বিৰোধিতা কৰিব সাংবাদিকে৷

এই প্ৰতিবাদী সভাখনত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব,  উজনি অসম আয়ুক্তৰ লগতে ৰাজ্যৰ জনসংযোগ বিভাগৰ সঞ্চালকক উপায়ুক্ত গৰাকীৰ দুষ্কাৰ্যৰ বিষয়ে  লিখিত অভিযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শিৱসাগৰৰ জেষ্ঠ সাংবাদিক অতনু বড়া , ভৈৰৱ মুণ্ডা , খলিলুৰ ৰহমান হাজৰিকা, ৰাতু কুমাৰ দাস,  ভাস্কৰ জ্যোতি দাস, মোজাহিদ আলী, জামালজদ্দিন আহমেদ, মুস্তাকুৰ ৰহমান, পৱন আগৰৱালা আদিকে ধৰি সকলো ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকল প্ৰতিবাদ সভাখনত উপস্থিত থাকে।