NORTHEAST NOW (Assamese)

আন্ত:গাঁথনি বৃদ্ধি; ক’ভিডক ৰুধিবলৈ অধিক তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন

May 22, 2021 6:26 am · পার্শ্বজোতি গগৈ
প্ৰতিনিধিত্বমূলক ফটো।

অতিমাৰী ক’ভিড-১৯ৰ গণসংক্ৰমণ ৰোধ, ক’ভিডত আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱাৰ লগতে অন্যান্য আনুষংগিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে।

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই জানিব দিয়া মতে ক’ভিড ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে বৰ্তমানে জিলাখনৰ বিভিন্ন চিকিৎসালয় তথা ক’ভিড কেয়াৰ চেণ্টাৰত ৪৮২ খন বিচনা মজুত কৰি ৰখা হৈছে।

ইয়াৰে ৬ খন আই. চি. ইউ. যুক্ত বিচনাৰ সৈতে ১৩০ খন বিচনা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত, ১২ খন ডিমৌ আদর্শ চিকিৎসালয়ত, ৯০ খন ডিমৌ ক’ভিড কেয়াৰ চেণ্টাৰ (আই. টি. আই.) -ত, ১৩০ খন শিৱসাগৰস্থিত আৰ্বান মডেল হাস্পাতালত, ৫০ খন শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত, ২০ খন স্বৰ্গদেউ চ্যুকাফা মাল্টি স্পেচিয়েলিটি হাস্পাতালত,৩০ খন অ’. এন. জি. চি., শিৱসাগৰত আৰু ২০ খন লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত মজুত কৰা হৈছে।

ইয়াৰ উপৰিও, শিৱসাগৰ জিলা কাৰাগাৰত থকা ক’ভিডত আক্ৰান্ত কাৰাবন্দী সকলক কাৰাগাৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

লক্ষণযুক্ত কাৰাবন্দী ক’ভিড ৰোগী পৰিলক্ষিত হ’লে তেওঁলোকক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰাখি চিকিৎসা প্ৰদান কৰা হ’ব বুলি কয় উপায়ুক্ত গৰাকীয়ে।

বৰ্তমানে জিলাখনত ১৮০ টা B-type অক্সিজেন চিলিণ্ডাৰ আৰু ৪০ টা Jumbo অক্সিজেন চিলিণ্ডাৰ মজুত আছে। তদুপৰি, ৩০ খন আই. চি. ইউ. যুক্ত বিচনাৰ বাবে ৱাৰ্ডৰ নিৰ্মাণকাৰ্য্য ক্ষীপ্ৰতাৰে চলি আছে।

উল্লেখযোগ্য যে, বৰ্তমানে শিৱসাগৰ জিলাত ৯৭৭ গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে আৰু ইয়াৰে ২০৮ গৰাকীয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে।

জিলাখনৰ ৫০ বয়সৰ উৰ্ধৰ ক’ভিড ৰোগীক চিকিৎসালয় বা ক’ভিড কেয়াৰ চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

উল্লেখ্য যে, ক’ৰনাৰ দ্বিতীয়টো ঢৌত জিলাখনৰ ৩৫ জন লোকৰ মৃত্যু হৈছে।

জিলাখনত নিয়মিতভাৱে আশাকৰ্মী, এ. এন. এম., জি. এন. এম., অঙ্গনৱাদী কৰ্মী আদিৰ জৰিয়তে কন্টেইনমেণ্ট জ’নসমূহ পৰিদৰ্শন কৰাই এইসমূহ এলেকাত সজাগতা বৃদ্ধিৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে।

তদুপৰি, জিলাখনত গৃহ আছুতীয়াকৰণত থকা ক’ভিড ৰোগী সকলক স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰ বাবে শিৱসাগৰৰ কেইবাগৰাকীও চিকিৎসকৰ মাধ্যমেৰে টেলিফোন যোগে চিকিৎসা নিদান আগবঢ়োৱাৰ এক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে৷

জিলাখনত বিভিন্ন পৰ্য্যায়ত ক’ভিড-১৯ ৰোগৰ পৰীক্ষণ প্ৰক্ৰিয়া অবিৰতভাৱে চলাই থকা হৈছে। লক্ষণযুক্ত ৰোগীৰ আৰ. টি. পি. চি. আৰ. পৰীক্ষা কৰোৱা হৈছে।

সহকাৰী আয়ুক্ত পংকজ বড়া (মোবাইল নম্বৰ ৮৬৩৮০২০১২৮) -ক স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যামন্ত মাধৱ শৰ্মা আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ গগৈৰ লগত যোগাযোগ ৰক্ষা কৰি ক’ভিড ৰোগীৰ বাবে জিলাখনৰ বিভিন্ন চিকিৎসালয় বা ক’ভিড কেয়াৰ চেণ্টাৰত মজুত ৰখা বিচনাৰ ব্যৱস্থাপনা তদাৰক কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে।

তদুপৰি ,অতিৰিক্তভাৱে জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি (মোবাইল নম্বৰ ৯৪৩৫১৩১৪৬৮) -ক বিশেষভাৱে ক’ভিড-১৯ -ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তদাৰক কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

Related News