শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ

গো সুৰক্ষাৰ কথা কোৱা শাসনাধিষ্ঠ বিজেপি দলৰ নেতাই এতিয়া জড়িত হৈ পৰিছে গৰুৰ চোৰাং বেপাৰত

cattle syndicate

বিজেপিৰ দুই নেতাৰ সৈতে অভিযুক্ত চক্ৰ গগৈ।

শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ। থাওৰা সমষ্টিৰ বিজেপি বিধায়ক গৰাকীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এই গৰাকী ছত্ৰধৰ গগৈক শিৱসাগৰ আৰক্ষীয়ে গৰুৰ চোৰাং কাৰোবাৰৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজন গৰু মাফিয়াক। বিজেপি নেতা ছত্ৰধৰ গগৈৰ লগতে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাদুল আলি, কলীয়া আলি আৰু জাবেদ আলিক।

আটাইকেইটা গৰু মাফিয়াক শিৱসাগৰ থানাৰ case no 26/2022 U/S353/379/279 IPC R/W sec 13 assam cattle preservation act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

উল্লেখ্য যে উজনি অসমত এতিয়া প্ৰভাৱশালী ৰাজনীতিকৰ আৰ্শীবাদতেই চলি আছে গৰু চিণ্ডিকেট। বিজেপি নেতা ছত্ৰধৰ গগৈৰ গ্ৰেপ্তাৰেই উদঙাইছে শাসকীয় দলৰ নেতা-পালিনেতা গৰু চিণ্ডিকেটত জড়িত থকাৰ তথ্য।

শাসকীয় দলৰ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত দপদপাই থকা এই গৰাকী ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰা ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শিৱসাগৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড়, লক্ষীমপুৰৰ গৰু চিণ্ডিকেটৰ মূল নায়ক আছিল এই গৰাকী ছত্ৰধৰ গগৈ।

লগতে পঢ়ক: নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ইয়াৰোপৰি উজনি অসমৰ পৰা কন্টেইনাৰৰ জড়িয়তে গৰুৰ চোৰাং ব্যৱসায়ৰ বৃহৎ নেতৃত্ব বহন কৰিছিল ছত্ৰধৰ গগৈয়ে।

উল্লেখ্য যে বিগত বিধানসভাৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল গৰু চিণ্ডিকেটত অভিযুক্ত ছত্ৰধৰ গগৈয়ে।

যোগদানৰ পিছতেই বিজেপি থাওৰা পানীদিহিং, অ’বিচি মৰ্চাৰ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল ছত্ৰধৰ গগৈ।

লগতে পঢ়ক:আৰক্ষীৰ সন্ত্ৰাস! তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যক ডিএছপিৰ প্ৰহাৰ

গৰু চিণ্ডিকেটৰ লগত জড়িত শাসকীয় দলৰ নেতা এই গৰাকী ছত্ৰধৰ গগৈৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।