NORTHEAST NOW (Assamese)

আৰক্ষীৰ জালত চিদলিৰ নাবালিকা ধৰ্ষণৰ অভিযুক্ত পানিয়া সূত্ৰধাৰ

March 21, 2019 9:13 pm · অৰুজ খুংগুৰ গয়াৰী
চিদলি ধৰ্ষণৰ অভিযুক্ত পানিয়া সূত্ৰধাৰ

চিৰাং জিলাৰ চিদলিত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা পানিয়া সূত্ৰধাৰ নামৰ পাষণ্ডজনক আজি আৰক্ষীয়ে ধেমাজিত কৰায়ত্ত কৰে।

অভিযুক্ত ২৭ বছৰীয়া পানিয়া সূত্ৰধাৰ ১৫ মাৰ্চৰ পৰাই চিৰাং জিলাৰ চিদলিৰ নূমলপূৰত থকা নিজ বাসগৃহৰ পৰা পলাতক অৱস্থাত আছিল।

নাৰকীয় ঘটনা সংঘটিত কৰি আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়তে অপৰাধীজনে ধেমাজিত থকা বন্ধুৰ ঘৰত আত্মগোপন কৰি আছিল।

আনহাতে, সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি অভিযুক্ত সূত্ৰধাৰে কেৰালালৈ পলাবলৈ যো-জা চলাই থকাৰ সময়তে স্থানীয় আৰক্ষীয়ে কৰায়ত্ত কৰি চিৰাং আৰক্ষীৰ হাতত গতাই দিয়ে।

আজি অভিযুক্ত সূত্ৰধাৰক আদালতত হাজিৰ কৰোৱা হয় আৰু অধিক সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হয়।

আৰক্ষীৰ তদন্তত অভিযুক্ত পানিয়া সূত্ৰধাৰে নিজৰ দোষ স্বীকাৰ কৰিছে বুলি চিৰাং আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত আদালতৰ বিচাৰ অনুসৰি দোষীৰ শাস্তিৰ ৰায়দান কৰা হ’ব।

স্থানীয় ৰাইজে আৰক্ষীৰ সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি বিহাৰ বাবে দাবী জনায়।

Related News