NORTHEAST NOW (Assamese)

ছিকিমত উৎপত্তি হোৱা ভূমিকম্পই কঁপাই গ’ল অসমসহ কেবাখনো ৰাজ্য

April 5, 2021 9:45 pm ·
Updated: April 5, 2021 9:50 pm

সোববাৰে নিশা ৮.৪৯ বজাত এক ভূমিকম্পই জোকাৰি গ’ল ছিকিম, অসম, বিহাৰ আৰু পশ্চিমবংগক।

ছিকিমৰ ভাৰত-নেপাল সীমান্তত উৎপত্তি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.৪।

ছিকিমৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ অভ্যন্তৰত বুলি নেছনেল চেণ্টাৰ ফৰ ছিচমোলজিয়ে প্ৰকাশ কৰিছে।

ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো স্থানৰ পৰা কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।

Related News