লোকসভা নিৰ্বাচন ২০২৪: থোৰতে শিলচৰ লোকসভা সমষ্টি

Lok Sabha election

কাষ চাপি আহিছে ২০২৪ৰ লোকসভা নিৰ্বাচন। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচনৰ বাবেও পূৰ্ণ প্ৰস্তুতি চলিছে। নিৰ্বাচনী ৰণত সম্পূৰ্ণ ৰূপে নামি পৰিছে শাসক-বিৰোধী সকলো দল।

ৰাজ্যৰ ১৪ টা লোকসভা নিৰ্বাচনৰ ভিতৰত অন্যতম এটা সমষ্টি  হৈছে শিলচৰ লোকসভা সমষ্টি। ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ অঞ্চলটোক কাছাৰ সমষ্টি বুলি কোৱা হৈছিল। সমষ্টিটোৱে বৰাক উপত্যকাৰ সমগ্ৰ কাছাৰ জিলাখন সামৰি লৈছে।

কাছাৰ জিলাৰ ভিতৰত অৱস্থিত এইখন চহৰৰ আকাৰ আৰু জনসংখ্যা দুয়োটা দিশতে অসমৰ দ্বিতীয় বৃহত্তম চহৰ হিচাপে পৰিগণিত হৈছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ১,৬৭৭,৮২১ জন।

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি শিলচৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১২,৫৭,৪৫৯। ইয়াৰে ৬,৩৮,৬৩৫ গৰাকী পুৰুষ ভোটাৰ, ৬,১৮,৭৬২ গৰাকী মহিলা ভোটাৰ আৰু ৬২ গৰাকী তৃতীয় লিংগ ভোটাৰ।  

শিলচৰ সংসদীয় সমষ্টিটোত শিলচৰ, সোণাই, ধলাই, উধৰবন্দ, লক্ষীপুৰ, বৰখোলা আৰু কাটিগোৰা ৭টা বিধানসভা খণ্ড আছে। সমষ্টিটোত ১৯৭৪ চনত চিপিআইএম জয়ী হোৱাৰ বাদে আন সময়ত বিজেপি আৰু কংগ্ৰেছেই মূলতঃ প্ৰধান দল হিচাপে পৰিগণিত হৈছে।

গত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ড° ৰাজদ্বীপ ৰয়ে কংগ্ৰেছৰ সুস্মিতা দেৱক পৰাস্ত কৰি সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ৰয়ে ৪৯৯৪১৪টা ভোট লাভ কৰাৰ বিপৰীতে সুস্মিতা দেৱে লাভ কৰিছিল ৪১৭৮১৮টা ভোট।

আগন্তুক নিৰ্বাচনত বিজেপিয়ে পৰিমল শুক্লবৈদ্যক মনোনীত কৰাৰ বিপৰীতে কংগ্ৰেছে শিলচৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে সূৰ্য কান্ত সৰকাৰক মনোনীত কৰিছে।

 

শিলচৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱা পূৰ্বৰ সাংসদসকলঃ

ড° ৰাজদ্বীপ ৰয় (বিজেপি): ২০১৯

সুস্মিতা দেৱ (কংগ্ৰেছ): ২০১৪

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ২০০৯

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ২০০৪

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৯৯

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ১৯৯৮

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৯৬

কবীন্দ্ৰ পুৰকায়স্থ (বিজেপি): ১৯৯১

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৮৪

সন্তোষ মোহন দেৱ (কংগ্ৰেছ): ১৯৮০

ৰছিদা হক চৌধুৰী (কংগ্ৰেছ): ১৯৭৭

নুৰুল হুদা (চিপিআই(এম): ১৯৭৪

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৭১

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৬৭

জ্যোৎস্না চন্দা (কংগ্ৰেছ): ১৯৬২

নিবাৰণ চন্দ্ৰ লস্কৰ (কংগ্ৰেছ): ১৯৫৭

সুৰেশ চন্দ্ৰ দেৱ (কংগ্ৰেছ): ১৯৫২

নিবাৰণ চন্দ্ৰ লস্কৰ (কংগ্ৰেছ): ১৯৫২