NORTHEAST NOW (Assamese)

কংগ্ৰেছ কৰ্মীৰ “শক্তিবৰ্ধক” প্ৰিয়ংকাৰ ৰোড শ্ব’ত শিলচৰ চহৰ পৰিণত জনতাৰ অৰণ্যত

April 14, 2019 5:59 pm · এন ই নাও নিউজ
Updated: April 14, 2019 7:11 pm
শিলচৰ চহৰত ৰোড শ্ব'ৰ সময়ৰ কেইটামান দৃশ্য। ফটোৰ উৎস : ফেইচবুক।

কংগ্ৰেছ দলটোৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমটো উত্তৰ-পূব ভ্ৰমণত আজি প্ৰিয়ংকা গান্ধী ভদ্ৰাই  শিলচৰত এটা ৰোড শ্ব’ত ভাগ লৈ কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ বাবে “শক্তিবৰ্ধক টনিক”ৰ দৰে কাম কৰে।

কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ প্ৰচাৰ চলাবলৈ বৰাকৰ সৰু চহৰখনলৈ অহা প্ৰিয়ংকাক লৈ তেওঁৰ গুণমুগ্ধৰ মনত আজি অভূতপূৰ্ব উছাহ দেখা যায়।

দুপৰীয়া সময়ত আহি উপস্থিত হোৱাৰ পিছতে হাজাৰ হাজাৰ সমৰ্থক আৰু গুণমুগ্ধই প্ৰিয়ংকাক আগুৰি ধৰে। তেওঁক ওচৰৰ পৰা চাবলৈ আৰু নিজৰ ম’বাইলত এখন ফটো তুলিবলৈ ভীষণ হেতা-ওপৰা লাগে উপস্থিতসকলৰ মাজত।

কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে শিলচৰ সমষ্টিৰ সাংসদ, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা এইবাৰৰ প্ৰাৰ্থী সুস্মিতা দেব আৰু প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটক লগত লৈ দেৱদূত পইন্টৰ পৰা প্ৰায় ৩ কিলোমিটাৰ পথ এখন গাড়ীৰে ভ্ৰমণ কৰে।

ৰোড শ্ব’টোৰ সময়ত প্ৰায় দুই লাখ লোকৰ সমাগম হয়, যিটো আছিল সঁচাকৈয়ে অভূতপূৰ্ব। ওৰে বাট মোহময়ী কংগ্ৰেছ নেত্ৰীগৰাকীৰ সৈতে কৰমৰ্দন কৰাৰ বাবে তেওঁৰ গাড়ীৰ কাষত হেতা-ওপৰা কৰি গুণমুগ্ধসকলে এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল। বহুতে প্ৰিংয়কালৈ ফুল ছটিওৱাৰ লগতে ফুলৰ মালাও উপহাৰ দিয়ে।

ৰোড শ্ব’ৰ সময়ত প্ৰিয়ংকাই প্ৰেম, ভালপোৱাৰে ঘৃণাক জয় কৰাৰ কথা কয় লগতে তেওঁ সকলো ভাৰতীয়কে আঁকোৱালি ধৰাৰ কথাও কয়।

আনহাতে সমদলৰ সময়ত কংগ্ৰেছকৰ্মীসকলে ‘প্ৰিয়ংকা গান্ধী জিন্দাবাদ’, ‘কংগ্ৰেছ জিন্দাবাদ’ ধ্বনি দিয়াৰ লগতে ‘চকীদাৰ চৌৰ হ্যেয়’ ধ্বনিও দিয়ে।

শিলচৰৰ পৰা অপৰ্ণা লস্কৰৰ সংযোজন

আজি দুপৰীয়া আহি উপস্থিত হোৱা প্ৰিংয়কা গান্ধীয়ে প্ৰথমেই সুস্মিতা দেবৰ সৈতে উধৰবন্দত থকা কাচাকান্তি মন্দিৰ দৰ্শন কৰে। তাৰ পৰা পোনপটীয়াকৈ ৰোড শ্ব’লৈ যায়।

সমদলৰ সময়ত মাইক হাতত লৈ প্ৰিয়ংকাই সুস্মিতাক ইন্দিৰা গান্ধীৰ সৈতে তুলনা কৰি প্ৰশংসা কৰে। “সুস্মিতা দেব মোৰ আইতাৰ দৰে। তেওঁৰ যুঁজাৰু মানসিকতা আছে। আপোনালোকৰ সমস্যাবোৰ দাঙি ধৰিব পৰাকৈ তেওঁৰ এটা কণ্ঠ আছে। আপোনালোকে তেওঁক জয়ী কৰক আৰু সংসদত আপোনালোকক সবলভাৱে প্ৰতিনিধিত্ব কৰিবলৈ দিয়ক”, গান্ধীয়ে কয়।

তেওঁ মোদী চৰকাৰে উত্তৰ-পূবক কৰা বঞ্চনাৰ উল্লেখ কৰি কয়, “মোদী নেতৃত্বাধান চৰকাৰখনৰ দিনত কংগ্ৰেছৰ লুক ইষ্ট নীতিক অকামিলা কৰা হ’ল আৰু আনকি উত্তৰ-পূবৰ ৰাজ্যবোৰৰ থকা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰিলে।”

প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি কয়, “মই যোৱা দুমাহ ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাই ঘূৰিলো। প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ৫ বছৰত গোটেই পৃথিৱী ঘূৰি ফুৰে আৰু বিভিন্ন দেশনেতাসকলক আলিংগন কৰি ফুৰে। কিন্তু তেওঁ ৫ বছৰত তেওঁ বাৰানসীত পাঁচ ঘণ্টা কটাবলৈও সময় নাপালে।”

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে সংবিধানৰ প্ৰতিও অশ্ৰদ্ধা প্ৰদৰ্শন কৰা বুলি অভিযোগ কৰে।

Related News