• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনে নাগায়, বিজেপিৰ এইবাৰৰ ভৰসা সীমান্ত শেখৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 24, 2019 9:35 pm
Simanta Sekhar to replace Zubeen in Assam BJP's election song

সীমান্ত শিখৰ। ছবি সৌজন্য-- wkipedia|

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গে গোৱা ‘অসমৰে আনন্দ, সৰ্বানন্দ’ শীৰ্ষক গীতটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত জনপ্ৰিয় শিল্পী গৰাকীৰ কন্ঠত শুনা নাযাব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত, দলটোৰ এক সূত্ৰ্ৰত প্ৰকাশ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ হৈ আৰু গীত নাগায় বুলি যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে ঘোষণা কৰাৰ পাছত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ গীতৰ বাবে দলটো কাষ চাপিছে কন্ঠশিল্পী সীমান্ত শেখৰৰ।

জানিব পৰা মতে লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে প্ৰচাৰৰ বাবে এটা গীত সাজু কৰিছে। এই গীতটোত কন্ঠদান কৰিছে সীমান্ত শেখৰে। কেইদিনমানৰ ভিতৰতে দলটোৱে এই গীতটো মুকলি কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব।

শেহতীয়াভাৱে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমত জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, ৰাইজ, বুদ্ধিজীৱীসকলৰ লগতে ৰাজ্যৰ শিল্পী সমাজেও আন্দোলন কৰিছিল। ২০১৬ৰ নিৰ্বাচনৰ আগত জাতি-মাটি-ভেটিৰ শ্ল’গান দি দিচপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত ঠিয় কাৰ্য্যৰো সকলোৱে গৰিহণা দিছিল।

বিধেয়ক বিৰোধী আন্দোলনত ৰাইজৰ পক্ষত থাকি জুবিন গাৰ্গে ‘বিজেপিক লৈ গীত গোৱাটো ভুল হৈছিল’ বুলি মন্তব্য কৰিছিল। প্ৰয়োজনত তেওঁ গীত গোৱাৰ বাবদ বিজেপিৰ পৰা পোৱা মাননিও ওভতাই দিব বুলি কৈছিল। কেৱল বিজেপিয়েই নহয় আগলৈ কোনো ৰাজনৈতিক দলৰেই গীত নোগোৱাৰ কথা ঘোষণা কৰিছিল গাৰ্গে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰ্ৰুদ্ধে জুবিন গাৰ্গৰ এনে স্থিতিয়ে বাৰুকৈয়ে অস্বস্তিত পেলাইছিল শাসক দলটোক। যাৰ বাবে বিজেপিয়ে এইবাৰ নিৰ্বাচনী সংগীতৰ বাবে জুবিনৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিব নোৱাৰা হ’ল। সেয়ে শেষত আন এগৰাকী কন্ঠশিল্পী সীমান্ত শেখৰৰেই শৰণাপন্ন হ’ল গেৰুৱা দলটো।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত

August 18, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd