NORTHEAST NOW (Assamese)

জুবিনে নাগায়, বিজেপিৰ এইবাৰৰ ভৰসা সীমান্ত শেখৰ

March 24, 2019 9:35 pm · অনিৰ্বাণ পাঠক
Updated: March 24, 2019 10:17 pm
সীমান্ত শিখৰ। ছবি সৌজন্য-- wkipedia|

২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গে গোৱা ‘অসমৰে আনন্দ, সৰ্বানন্দ’ শীৰ্ষক গীতটোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত জনপ্ৰিয় শিল্পী গৰাকীৰ কন্ঠত শুনা নাযাব বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত, দলটোৰ এক সূত্ৰ্ৰত প্ৰকাশ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ হৈ আৰু গীত নাগায় বুলি যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে ঘোষণা কৰাৰ পাছত এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ গীতৰ বাবে দলটো কাষ চাপিছে কন্ঠশিল্পী সীমান্ত শেখৰৰ।

জানিব পৰা মতে লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে প্ৰচাৰৰ বাবে এটা গীত সাজু কৰিছে। এই গীতটোত কন্ঠদান কৰিছে সীমান্ত শেখৰে। কেইদিনমানৰ ভিতৰতে দলটোৱে এই গীতটো মুকলি কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব।

শেহতীয়াভাৱে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমত জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, ৰাইজ, বুদ্ধিজীৱীসকলৰ লগতে ৰাজ্যৰ শিল্পী সমাজেও আন্দোলন কৰিছিল। ২০১৬ৰ নিৰ্বাচনৰ আগত জাতি-মাটি-ভেটিৰ শ্ল’গান দি দিচপুৰৰ গাদী দখল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত ঠিয় কাৰ্য্যৰো সকলোৱে গৰিহণা দিছিল।

বিধেয়ক বিৰোধী আন্দোলনত ৰাইজৰ পক্ষত থাকি জুবিন গাৰ্গে ‘বিজেপিক লৈ গীত গোৱাটো ভুল হৈছিল’ বুলি মন্তব্য কৰিছিল। প্ৰয়োজনত তেওঁ গীত গোৱাৰ বাবদ বিজেপিৰ পৰা পোৱা মাননিও ওভতাই দিব বুলি কৈছিল। কেৱল বিজেপিয়েই নহয় আগলৈ কোনো ৰাজনৈতিক দলৰেই গীত নোগোৱাৰ কথা ঘোষণা কৰিছিল গাৰ্গে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰ্ৰুদ্ধে জুবিন গাৰ্গৰ এনে স্থিতিয়ে বাৰুকৈয়ে অস্বস্তিত পেলাইছিল শাসক দলটোক। যাৰ বাবে বিজেপিয়ে এইবাৰ নিৰ্বাচনী সংগীতৰ বাবে জুবিনৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিব নোৱাৰা হ’ল। সেয়ে শেষত আন এগৰাকী কন্ঠশিল্পী সীমান্ত শেখৰৰেই শৰণাপন্ন হ’ল গেৰুৱা দলটো।

Related News