• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনত চাহ বাগিচাৰ ভোটাৰক বিলাবলৈ গাড়ীয়ে গাড়ীয়ে সুৰা মজুত কৰিছে বিজেপিয়ে : কংগ্ৰেছ

বিষাক্ত সুৰা কাণ্ডৰ পিছতো ভোটৰ স্বাৰ্থত “সুৰা হিতাধিকাৰী”?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 24, 2019 8:43 pm
Bhagirath Karan

ৰাজীৱ ভৱনত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ভগীৰথ কৰণ। ফটো : য়ু বি।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শেহতীয়াভাৱে বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছতো কোনো শিক্ষা নহ’ল? সুৰা কাণ্ডৰ জোকাৰণি মাৰ নৌযাওঁতেই আকৌ সুৰাৰে ভোটাৰৰ মন জয়ৰ পাং পাতিছে চৰকাৰ চলোৱা দল বিজেপিয়ে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি আজি মুকলিকৈ এই অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ভগীৰথ কৰণে। কৰণে জনোৱামতে, নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যৰ চাৰিটা সংসদীয় সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰিব চাহ শ্ৰমিক ভোটাৰসকলে। শাসনাধিষ্ঠিত দলটোৱে মদ বিলাই এই বৃহৎ সংখ্যক ভোট আদায়ৰ কৌশল লৈছে।

Apply Now

ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ আৰু তেজপুৰ সমষ্টিত চাহ শ্ৰমিক ভোটাৰে বিশেষ ভূমিকা লয় আৰু তেওঁলোকে যাকেই সমৰ্থন কৰে সেই দলেই জয়লাভ কৰিবলৈ সক্ষম হয় বুলি ভগীৰথ কৰণে মন্তব্য কৰে।

“বিজেপিয়ে বিগত সময়ত বাগিচাৰ ভোটাৰক দিয়া প্ৰতিশ্ৰুতি পালন নকৰিলে। এতিয়া নিৰ্বাচনৰ সময়ত কেৱল প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে”, কৰণৰ অভিযোগ।

“উজনি অসমৰ চাহ বাগিচা আৰু গাঁওসমূহত গাড়ীয়ে গাড়ীয়ে চুলাই মদ, অৰুণাচলী মদ আৰু ডিমাপুৰৰ মদ মজুত ৰাখিছে। এইবোৰ নিৰ্বাচনৰ আগত বিলাবলৈ ৰাখি থৈছে আৰু ইয়াৰ জৰিয়তে ভোট আদায়ৰ কৌশল কৰিছে”, ভগীৰথ কৰণে কয়।

তেওঁ কিছুমান ৰাজনৈতিক দলে এই কাম কৰি থকা বুলি কয় যদিও পৰৱৰ্তী সময়ত এই কাম বিজেপিৰ বাদে আন কোনেও কৰিবলৈ সাহস নকৰে বুলিও কয়।

এই সুৰা সেৱনৰ ফলত যদি পুনৰ এজনো চাহ শ্ৰমিকৰ মৃত্যু হয় চাহ শ্ৰমিকে নিৰ্বাচন বৰ্জন কৰিবলৈ সাজু থাকিব বুলিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিজনে মন্তব্য কৰে।

ইপিনে, বিষাক্ত সুৰা সেৱনৰ পাছত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱা ঘটনাৰ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালক তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু এমাহ উকলি যোৱাৰ পাছতো এতিয়াও তদন্তৰ প্ৰতিবেদন দাখিল নোহোৱাটোতো কৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

একেখন সংবাদমেলতেই বিজেপিয়ে পূৰ্বতে চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি সমূহ মূলতঃ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, বাগিচা অঞ্চলত ১০০খন হাইস্কুল স্থাপন কৰা, চাহ শ্ৰমিকক ভূমিপট্টা দিয়া আদি কোনো এটাই পূৰণ নকৰিলে বুলি সদৰী কৰে। গতিকে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপিয়ে এতিয়া কেইদিনমানৰ বাবে প্ৰলোভিত কৰিবলৈ বিনামূলীয়া চাউল, চেনী, ৰন্ধন গেছ, বিজুলী, শিশুখাদ্য আদিৰ যোগানৰ আঁচনি ৰূপায়ণ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

এনে হ্ৰস্বম্যাদী “হিতাধিকাৰী” আঁচনিসমূহে চাহ শ্ৰমিকসকলৰ লগতে অসমৰ কোনো উন্নতি সাধন নকৰে বুলিও ভগীৰথ কৰণে দাবী কৰে।

উল্লেখযোগ্য যে কংগ্ৰেছেও নিৰ্বাচনত চাহ শ্ৰমিকসকলৰ মাজত সুৰা বিতৰণেৰে ভোট আদায়ৰ কৌশল লৈ আহিছে বুলি বিজেপিয়ে পূৰ্বে অভিযোগ কৰিছিল। শাসনলৈ অহাৰ পিছত তেওঁলোকেও একেই “সুৰা হিতাধিকাৰী”ৰ কৌশলক আপোন কৰি লোৱাৰ অভিযোগ তাৎপৰ্য্যপূৰ্ণ।

ভোটৰ ৰাজনীতিৰ বাবে কংগ্ৰেছে লোৱা যিবোৰ কৌশলক এটা সময়ত বিজেপিয়ে সমালোচনা কৰিছিল, সেই আটাইবোৰ বিজেপিক অনুকৰণ কৰা দেখা গৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd