ৰাজা মিৰ্চ্চা জলকীয়া খোৱাত কোৰিয়ান কে-পপ ষ্টাৰ দেবিতক প্ৰত্যাহ্বান আল’ব’ নাগাৰ

Singer Alobo Naga ‘challenges’ K-pop star Dabit to try King chilly

কে পপ ষ্টাৰ দেবিত।

নাগালেণ্ডৰ জনপ্ৰিয় গায়ক আল’ব’ নাগাই শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ কে-পপ তাৰকা দেবিতক ৰাজা মিৰ্চ্চা জলকীয়াৰ সোৱাদ দিয়ে।

নাগালেণ্ডত নাগা ৰাজা মিৰ্চ্চা আৰু অসমত ভোট জলকীয়া ইত্যাদি নামেৰে জনাজাত উগ্ৰ জ্বলা জলকীয়াবিধ।

দেবিত বৃ্হস্পতিবাৰে নাগালেণ্ডত আহি উপস্থিত হৈ ডিমাপুৰৰ এছেম্বলি অৱ গদছ হায়াৰ ছেকেন্দেৰি স্কুল নামৰ স্কুলখনত ‘Kaleidoscope 2019’শীৰ্ষক প্ৰদৰ্শন কৰিছিল।

শনিবাৰে নাগা খাদ্য খাওঁতে দেবিত আৰু তেওঁৰ ব্যৱস্থাপকগৰাকীক আল’ব’ই এই প্ৰত্যাহ্বান জনাইছিল।

আল’ব’ নাগা বিভাগীয় ইউটিউব চেনেলত এই ভিদিঅ’ প’ষ্ট কৰি আল’ব’ নাগাই ফে’চবুকত প’ষ্ট কৰিছে ‘মই প্ৰবাদপ্ৰতিম। মই কে পপ ষ্টাৰক নাগালেণ্ড, ভাৰতলৈ নিমন্ত্ৰণ কৰিলো আৰু তেওঁক ৰাজা মিৰ্চ্চা খুওৱালো—উত্তৰ পূব ভাৰতৰ বিখ্যাত ৰাজা জলকীয়া।’

দেবিতৰ ব্যৱস্থাপকগৰাকীয়ে ৰাজা মিৰ্চ্চা ভক্ষণৰ পিছত কিবাৰকম নিজকে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’লেও দক্ষিণ কোৰিয়াৰ গায়কজনৰ চকু পানীৰে ভৰি পৰে আৰু একামোৰ জলকীয়াত কামোৰ মৰাৰ পিছতে নাকেৰে দেবিতৰ পানী ক্ষৰিত হ’বলৈ আৰম্ভ কৰে।

ভিডিঅ’টোত দেবিতক এইবুলি মন্তব্য কৰা প্ৰত্যক্ষ কৰা গৈছে যে তেওঁ ‘শ্বাস গ্ৰহণ অব্যাহত ৰাখিব ৰখা হৈছিল’ নহ’লে ‘তেওঁৰ জিভা স্খলিত হৈ পৰাৰ সম্ভাৱনা আছিল’।

দেবিতে তেখেতৰ সাংগীতিক কেৰিয়াৰত বহু কে পপ হিট আগবঢ়াইছে।