পদুম এৰি হাতীৰ পিঠিত উঠিল ‘ভোজপুৰী কুইন’ খ্যাত কল্পনা পাটোৱাৰী।
আজি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰিলে কন্ঠশিল্পী কল্পনা পাটোনাৰীয়ে
পাটোৱাৰীক অগপৰ মজিয়ালৈ আদৰণি সভাপতি অতুল বৰাই
কল্পনাৰ অগপত যোগদানৰ পাছতেই যেন গাত বল পালে অতুল বৰাই
অতুল বৰাৰ দাবী ‘কল্পনা পাটোৱাৰীয়ে অগপত যোগদান কৰাৰ পাছত ১০০ সিংহৰ শক্তি লাভ কৰিলো।‘
কল্পনাৰ সন্মুখতে অতুলৰ গুজৰণি মাৰি অতুল বৰাই তেওঁৰ স্ব-ৰচিত কবিতা আবৃত্তি কৰে।
ইপিনে, অতুল বৰা যে এলা-পেচা নেতা নহয় সেই কথা প্ৰতিপন্ন কৰিবলৈ সমালোচকসকলকো কটাক্ষ কৰে।সমালোচকে সমালোচনা কৰিলেও কেৰেপ নকৰে অতুল বৰাই এখন কাণৰে সোমোৱাই আন এখন কাণৰে বাহিৰ কৰি দিয়ে সকলো সমালোচনা
তেওঁ কয় ‘টেলিভিছনৰ ষ্টুডিঅ’ত বহি একাংশই অগপপ্ৰীতি দেখুৱাবলৈ আমাক সমালোচনা কৰে। তেওঁলোক আঞ্চলিকতাবাদী চিন্তাধাৰাৰ নহয়। মই এইবোৰত গুৰুত্ব নিদিওঁ। এখন কাণৰে শুনো আন এখন কাণৰে উলিয়াই দিওঁ। এইবোৰ কথা নুশুনো, নুবুজো আৰু নাচাওঁ।‘
ইপিনে, জুবিন গাৰ্গৰ ‘পলিটিক্স নকৰিবা বন্ধুৰ বিপৰীতে ন-অগপ কল্পনাৰ মুখত পলিটিক্স কৰি যোৱা বন্ধু বুলিহে প্ৰকাশ কৰে। লগতে অসমৰ নাৰীসমাজক সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ আহ্বান জনায় কল্পনাই।
২১ ৰ নিৰ্বাচনত প্ৰাৰ্থীৰূপে দেখা পাব কল্পনা পাটোৱাৰীক। সৰু-সুৰা সমষ্টি নহয়, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৰভোগ সমষ্টিলৈ চকু কল্পনা পাটোৱাৰীৰ
‘ৰাজনীতিত আহিছো যিহেতু নিৰ্বাচন খেলাৰ ইচ্ছা থাকিবই। পুতলা হৈ বহি থাকিবলৈতো অহা নাই। মোৰ জন্মভুমি সৰভোগ। কিন্তু এতিয়া তাত ৰঞ্জিত দাদা আছে।জ্যেষ্ঠসকলে কি কৰে চাওঁ। জিকিলেও সৰভোগৰ বাবে কাম কৰিম হাৰিলেও কাম কৰি যাম। গোটই অসমখনকে মই সমষ্টি বুলি ভাবো। কিন্তু জন্মভুমি হিচাপে সৰভোগত দিলেই ভাল পাম।‘ পাটোৱাৰীয়ে এইদৰে কয়।
‘কা’ বিৰোধী আন্দোলনৰ সময়ত অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীক লেই লেই চেই চেই কৰিছিল অসমৰ জনতাই। কিন্তু অগপ নেতৃত্বক তেল মাৰিবলৈ গৈ তিনি মন্ত্ৰীৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন কল্পনা পাটোৱাৰীৰ
বিভিন্ন সময়ত ছ’চিয়েল মেডিয়াত আমাৰ তিনিগৰাকী মন্ত্ৰীক সমালোচনা কৰে। কিন্তু তেওঁলোকৰ সেই সময়ত যি স্থিতি আছিল সেয়া অতি সুন্দৰ আৰু যথোপযোগী স্থিতি আছিল।‘ পাটোৱাৰীয়ে এইদৰে কয়।
ভাষণৰ মাজতে গীত মাতৰে উপস্থিত অগপ নেতা-কৰ্মীক আকৰ্ষণৰ চেষ্টা কল্পনা পাটোৱাৰীৰ।
এতিয়াৰে পৰা অগপৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে কাম কৰিব কল্পনা পাটোৱাৰীয়ে। কল্পনা পাটোৱাৰীক লৈ অগপ নেতৃত্বৰ পূৰ্ণ আশা ‘ন-সাজৰে’ অগপক প্ৰতিষ্ঠা কৰাত নিৰ্ণায়ক ভূমিকা ল’ব কল্পনাই।