NORTHEAST NOW (Assamese)

টক শ্ব’লৈ মাতি নি অসন্মান! অসমৰ এটা ব্যক্তিগত টেভি চেনেলক বয়কট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ

April 26, 2021 5:14 pm · জাহ্নৱী বৰুৱা

দেওবাৰে নিশা প্ৰাগ চেনেলৰ এক টক শ্ব’লৈ মাতি নি প্ৰিয়ংকা ভৰালীক ঘোষক দেৱজিৎ ভূঞাই অসন্মান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইয়াক লৈ সকলোৱে একেমুখে প্ৰাগ নিউজৰ ঘোষক গৰাকীৰ কাণ্ডক লৈ তীব্ৰ গৰিহণা দি সকলোৱে #stand withpriyankabharali লিখি ছ’চিয়েল মেডিয়াত ক্ষোভ উজাৰিছে।

তেনে সময়তে আজি পুৱাৰ ভাগত প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, প্ৰিয়ংকা ভৰালী, ঘোষক দেৱজিৎ ভূঞা আৰু মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ এখন ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰে।

জানিব পৰা মতে সঞ্জীৱ নাৰায়ণে নিজে ফটোখন আপলোড কৰিছিল নিজৰ ফেইচবুক একাউন্টত।

এই ফটো ভাইৰেল হোৱাৰ পাছতে ফেচবুকযোগে স্পষ্টীকৰণ দিছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।

নিজৰ ফেইচবুক পেইজত ভৰালীয়ে ভিডিঅ’টোৰ জৰিয়তে কয় ‘কালি হৈ যোৱা টক শ্ব’ৰ পাছত প্ৰাগ চেনেলৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়নে মোক তেওঁলোকক বেয়া পাবলৈ মানা কৰাৰ পাছত এখন ফটো তুলিবলৈ কৈছিল আৰু মইও ভদ্ৰতাৰ খাতিৰত ফটো তুলিছিলোঁ কিন্তু ইয়াৰ অৰ্থ এইতো নহয় যে মই বুজাবুজিৰ মাজত সেই টক শ্ব’টোত অংশগ্ৰহণ কৰিবলৈ গৈছিলো।‘

ইটিমৈধ্যে প্ৰিয়ংকা ভৰালীয়ে সঞ্জীৱ নাৰায়নক ব্যক্তিগতভাৱে ফোনৰ যোগেদি সেই ফটোখন দিয়াৰ বাবে প্ৰশ্ন কৰোঁতে তেওঁ ফটোখন দিলিত কৰি দিলে বুলি উল্লেখ কৰে।

তেওঁ আৰু কয় ‘ৰাইজক মই কব খোজো যে আমি কষ্ট কৰি উঠা মানুহ আমি কষ্ট কৰি যাম। আগতেও কোনো ধৰণৰ বুজাবুজি কৰা নাই ভৱিষ্যতলৈও নকৰোঁ।‘

তাৎপয্যপূৰ্ণভাৱে প্ৰাগ চানেলক প্ৰিয়ংকা ভৰালীয়ে ব্যক্তিগতভাৱে বয়কট কৰাৰ কথা ঘোষণা কৰে।

তেওঁ কয় ‘মই ব্যক্তিগতভাৱে আজিৰে পৰা প্ৰাগ নিউজক বয়কট কৰিলো। মোৰ কোনো অনুষ্ঠান আৰু মোৰ গীত তেওঁলোকে কেতিয়াও নবজায় যেন। তেওঁলোকৰ কোনো অনুষ্ঠানত মোক নিমন্ত্ৰণ নজনাই যেন।‘

আনহাতে প্ৰিয়ংকা ভৰালীক কালি অপমান কৰাৰ পাছতে ছ’চিয়েল মেডিয়াত জনপ্ৰিয় গায়ক-গায়িকাসকলে ক্ষোভ উজাৰিলে প্ৰাগ নিউজৰ ঘোষকগৰাকীৰ বিৰুদ্ধে।

এই সন্দৰ্ভত কন্ঠশিল্পী সুবাসনা দত্তই লিখি কয় ‘প্রার্থনা, এনেই ভাল ন? এইবাৰৰ পৰা অক্সিজেন চিলিণ্ডাৰ এটা লগত লৈ ল’ব হা, বাকী বেপাৰীসকলৰ ওচৰত ৱাছিং পাওদাৰ নিৰ্মা থাকেই কিন্তু।‘

ইয়াৰোপৰি, কন্ঠশিল্পী নীল আকাশে এই সন্দৰ্ভত লিখি কয় ‘দেৱজিত ভূঞাৰ বাবে এক মিনিটৰ মৌন প্ৰাৰ্থনা। #standwithpriyankabharali

আনহাতে, আচুৰ্য্য বৰপাত্ৰই এই সন্দৰ্ভত লিখি কয় ‘বাতৰি পৰিবেশক দেৱজিৎ ভূঞাক তেৰাই সুমতি দিয়ক। জিভাতো ছাগলীৰো থাকে 🤣OK Bye।’

ইপিনে, ইয়াক লৈ ছ’চিয়েল মেডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লক্ষীনন্দ লাহনে। তেওঁ ফেচবুকত লিখি কয় ‘শিল্পী আৰু বেপাৰীৰ প্ৰমাণ পত্ৰ দিয়া কিবা Channel এটা ওলাইছে বুলি শুনিছোঁ, হয় নেকি কথাটো? ভাবিছিলো ৰাইজেহে শিল্পী জন্ম দিয়ে, এতিয়া দেখিছো শিল্পী আৰু বেপাৰী পৰিচয় দিবলৈ দেৱজিৎ বুলি কোৱা এজনহে ওলাইছে।‘

Related News