NORTHEAST NOW (Assamese)

বঙাইগাঁও শিশু উদ্যানত ভৱন উদ্বোধন কৰিলে জিলা উপায়ুক্তই

May 30, 2022 6:58 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত আৰু শিশু উদ্যান সুৰক্ষা সমিতিৰ সৌজন্যত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ গাতে লাগি থকা শিশু উদ্যানত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ভৱনটো বৈদিক নিয়ম নীতিৰে পূজা – অৰ্চনা কৰি উদ্বোধন কৰা হয় ৷

ভৱনটো ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে ৷ উল্লেখ্য যে বঙাইগাঁও শিশু উদ্যান সুৰক্ষা সমিতিৰ ‘ভৱন উদ্বোধন ‘ আৰু ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁৱৰ শিক্ষাবিদ তথা বিশিষ্ট সমাজসেৱী প্ৰয়াত লক্ষ্মীকান্ত ৰায়ৰ স্মৃতিত বঙাইগাঁও বাৰোৱাৰী পূজা কমিটিৰ দ্বাৰা প্ৰকাশিত ‘ লক্ষ্মী- অৰ্ঘ্য ‘ শীৰ্ষক স্মৰণিকা উন্মোচনৰ অৰ্থে এখন সভা অনুষ্ঠিত হয় ৷

বঙাইগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অলকেশ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰয়াত লক্ষ্মীকান্ত ৰায়ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাৰ্ঘ্য অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় বাৰোৱাৰী পূজা কমিটিৰ উপদেষ্টা মাণিক সৰকাৰে ৷ ইয়াৰ পিচতে সভাত উপস্থিত থকা জিলা উপায়ুক্ত নৱদ্বীপ পাঠককে ধৰি উপস্থিত ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জনায় ৷ বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক ভূমিধৰ চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিচত জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে ৷

উপায়ুক্তগৰাকীয়ে উদ্যোক্তাসকলৰ এনে প্ৰচেষ্টাক আদৰণি জনাই কয় যে যিহেতু ইয়াত এখন শিশু উদ্যানো আছে, সেয়ে শিশুসকল ওমলিব অহাৰ সময়ত লগত ককাক আৰু আইতাকসকলেও আহি সময় কটাব ৷ মানুহৰ জীৱন কালৰ সৃষ্টিয়ে হ’ল শিশু আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত গৈ সকলোৱে ককাক বা আইতাক হয় ৷ সেয়ে দুই প্ৰজন্ম যেতিয়া একেলগে মিলিত হয় তেতিয়া তাতোকৈ আৰু সুখৰ বস্তু একো নাথাকে ৷

সভাত অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া তথা শিশু সুৰক্ষা উদ্যান সমিতিৰ উপ সভাপতি ৰোহিনী কুমাৰ চৌধুৰীয়ে প্ৰয়াত লক্ষ্মীকান্ত ৰায়ৰ স্মৃতিত বঙাইগাঁও বাৰোৱাৰী পূজা কমিটিয়ে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা ‘ লক্ষ্মী- অৰ্ঘ্য ‘ উন্মোচন কৰে ৷ স্মৰণিকাখন মীনা দেৱী আৰু লক্ষেশ্বৰ নাথে সম্পাদনা কৰিছে ৷ সভাত উন্মোচকগৰাকীৰ লগতে বঙাইগাঁও বি এড কলেজ পৰিচালনা সমিতিৰ সভাপতি সতীন চন্দ্ৰ ৰায়ে প্ৰয়াত লক্ষ্মীকান্ত ৰায়ৰ বিভিন্ন দিশক সামৰি বক্তব্য ৰাখে ৷ একেদৰে প্ৰয়াত ৰায়ৰ সহধৰ্মিনী কৌশল্যা ৰায়েও বক্তব্য ৰাখে ৷

সভাৰ আৰম্ভণিতে প্ৰয়াত লক্ষ্মীকান্ত ৰায়কলৈ ৰচিত এটি সমবেত সংগীতো পৰিৱেশন কৰা হয় ৷ সভাত জ্যেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা উমেশ ভট্টাচাৰ্য, বাৰোৱাৰী পূজা কমিটিৰ উপদেষ্টা ডাঃ ফিৰোজ আহমেদ, ভাৰপ্ৰাপ্ত সভাপতি মন্মথ শৰ্মা, বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ চন্দ্ৰ দাস, সমাজকৰ্মী প্ৰেম হৰলালকা, বঙাইগাঁও বি এড কলেজৰ অধ্যক্ষা অমিয়া হাজৰিকা, উত্তৰ বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি হেমন্ত কুমাৰ শৰ্মা আদিকে ধৰি জ্যেষ্ঠ নাগৰিক তথা বিভিন্ন লোক উপস্থিত থাকে ৷ উল্লেখ্য যে সভাত উদ্বোধন কৰা ভৱনটো প্ৰয়াত লক্ষ্মীকান্ত ৰায়ৰ সোঁৱৰণত ‘ লক্ষ্মী ভৱন ‘ হিচাপে নামাকৰণ কৰাৰ সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Related News