NORTHEAST NOW (Assamese)

শৃঙ্গৰাপট্টিত ভাতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এগৰাকী ভগ্নীৰ

August 28, 2018 9:19 am · মিণ্টু দাস
ভাতৃৰ নৃশংসতাৰ বলি কঠিয়াতলীৰ শৃঙ্গৰাপট্টিৰ তাজমিনা বেগম। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত শৃঙ্গৰাপট্টিত দেওবাৰে নিশা সংঘটিত হয় এক জঘন্য ঘটনা। নিজ ভাতৃয়ে লাঠিৰে কোবাই কোবাই হত্যা কৰিলে তেওঁৰ ভগ্নীক।

জানিব পৰা মতে, কঠিয়াতলীৰ শৃঙ্গৰাপট্টিৰ তাজমিনা বেগম নামৰ যুৱতীগৰাকীয়ে ডবকাৰ জাব্ৰাখোৱাৰ এজন যুৱকৰ লগত প্ৰেমত পৰিছিল। ইয়াৰ বাবেই ঘৰখনত দীৰ্ঘদিন ধৰি অশান্তি হৈ আছিল।

দেওবাৰে নিশা চৰফত আলী আৰু মাতৃ চাহাৰা খাতুনে মিলি লাঠিৰে কোবাই মাৰপিট কৰি  যুৱতীগৰাকীক আহত কৰিছিল। পাছত সংকটজনক অৱস্থাত সোমবাৰে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাজমিনাৰ মৃত্যু হয়।

ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃয়ে ভাতৃ চৰফট আলী আৰু মাতৃ চাহাৰা খাতুনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে।

আনহাতে, যুৱতীগৰাকীৰ এনে নংশৃস হত্যাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে এনে পাষাণ হৃদয়ৰ ব্যক্তিৰ কাণ্ডক ৰাইজে ধিক্কাৰ দিছে। এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰো দাবী তুলিছে স্থানীয় ৰাইজে।

Related News