NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পৰিস্থিতি সামান্য নিয়ন্ত্ৰণ : আন্দোলনৰ সুযোগ গ্ৰহণ একাংশ অসাধু ব্যৱসায়ীৰ

December 13, 2019 2:58 pm · কল্পজ্যোতি শইকীয়া
Updated: December 13, 2019 3:05 pm
গুৱাহাটীৰ আলোকচিত্ৰ

যোৱা সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বন্ধ আৰু ব্যাপক গণ আন্দোলনৰ পাছত আজি গুৱাহাটীৰ পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও শিথিল হোৱা নাই সান্ধ্য আইন। সান্ধ্য আইন জাৰি থকাৰ মাজতে গুৱহাটীৰ ছয়মাইল, বেলতলা, উলুবাৰী, চুপাৰ মাৰ্কেটৰ দুই এখন দোকান-পোহাৰৰ বাহিৰে বন্ধ আছে বহুসংখ্যক দোকান-পোহাৰ বা বজাৰসমূহ।

অসম বন্ধ, আন্দোলন আৰু বুধবাৰৰ পৰা জাৰি হোৱা অনিৰ্দিষ্টকালীন সান্ধ্য আইনৰ ফলত কেইবাদিনো দোকান-পোহাৰসমূহ বন্ধ থকা বাবে মহানগৰবাসীৰ মাজত খাদ্য অথবা অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছিল। চাউল-দাইল, শাক-পাছলিকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে মহানগৰবাসী।

সেই সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাইছে। আন্দোলন-প্ৰতিবাদৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দুগুণ পৰ্য্যন্ত বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আলুৰ প্ৰতি কিল’গ্ৰামৰ মূল্য ৫০ টকালৈ বৃদ্ধি কৰাৰ লগতে পিয়াজৰ মূল্য ১৫০ টকালৈ বৃদ্ধি কৰিছে সেই অসাধু ব্যৱসায়ীসকলে। আনকি বিলাহীৰ প্ৰতি কেজিৰ মূল্য ২০০ টকালৈ বৃদ্ধি পোৱা বুলি খবৰ আহিছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ক্ষোভিত হৈ পৰিছে মহানগৰবাসী।

‘কেইবাদিনো বন্ধৰ বাবে ঘৰত খোৱাবস্তু একোৱেই নাই। মই খোজ কাঢ়িবলৈ ওলাই আহোঁতে এই পাচলিৰ দোকান খোলা দেখা পাই বস্তু কিনিব সোমাই দেখিলো বস্তুৰ জুই-ছাই দাম। আলু ৫০ টকা কেজি, পিয়াজ কিনাৰ কথা ভবাই নাই। বিলাহী এটাৰ দাম ১০ টকা। ইমান দাম বৃদ্ধি পাব নালাগিছিল।’ ক্ষোভ প্ৰকাশ কৰি ছয়মাইলৰ এজন গ্ৰাহকে আমাৰ সাংবাদিকৰ আগত কয়।

ইপিনে, দুই এখন ব্যক্তিগত বাহন, দুচকীয়া বাহনৰ বাহিৰে এখনো যাত্ৰীবাহী বাহনৰ চলাচল দেখিবলৈ পোৱা নাই মহানগৰীত। কিয়নো সান্ধ্য আইন জাৰি থকাৰ বাবে মহানগৰীৰ সমূহ তেল ডিপো বন্ধ হৈ আছে। যাৰ ফলত তেলৰ অভাৱত যান-বাহন চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে মহানগৰবাসী।

অৱশ্যে মহানগৰ গুৱাহাটীৰ পৰিস্থিতি পূৰ্বৰ দিন কেইটাৰ তুলনাত সামান্য পৰিমানে স্বাভাৱিক হৈছে যদিও অত্যাধিক মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে মহানগৰবাসীক।

Related News