এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা, প্ৰি-কোৱাৰ্টাৰত শিৱ থাপা

Untitled-1 copy(9)

বক্সাৰ শিৱ থাপা আৰু লাভলীনা বৰগোঁহাই। ফাইল ফটো

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চতুৰ্থটো পদক জয়ৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ শিৱ থাপাই জয়েৰে অভিযান আৰম্ভ কৰি শনিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। শিৱ থাপাই পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাত কোৰিয়াৰ কিম ৱনহোক পৰাস্ত কৰে ৪-১ ব্যৱধানত।

আনহাতে, অসমৰ আন এগৰাকী বক্সাৰ লাভলীনা বৰগোহাঁই অন্তিম আঠ স্থানত উপনীত হৈছে। মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত যোৱা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জয়ী অসমৰে লাভলীনা বৰগোহাঁয়ে ভিয়েটনামৰ ট্ৰান থি লিনহক প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

কোৱাৰ্টাৰ ফাইনেলত চলিত বৰ্ষৰ ষ্ট্ৰেঞ্জা কাপৰ ব্ৰঞ্জৰ পদক বিজয়ী চাইনিজ টাইপেৰ চেন নিয়েন চিনৰ বিৰুদ্ধে লাভলীনাই প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপত নিয়েন চিনৰ হাততে লাভলীনা পৰাস্ত হৈছিল।

উল্লেখ্য যে, শিৱ থাপাই ইয়াৰ পূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰিছিল। ২০১৩ চনত স্বৰ্ণ, ২০১৫ চনত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল থাপাই। এইবাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কিৰ্গীস্তানৰ ছেইটবেক উলু তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব।

ইপিনে, পুৰুষৰ শাখাৰ আন এখন খেলত (৪৯ কিলোগ্ৰাম) ৰাষ্ট্ৰীয় চেম্পিয়ন দীপকে শ্ৰীলংকাৰ মুতুনকা পেডি গেভেৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।