NORTHEAST NOW (Assamese)

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত শিৱ থাপা, সৰিতা দেৱী

April 22, 2019 7:35 am · এন ই নাও নিউজ
বক্সাৰ শিৱ থাপা আৰু সৰিতা দেৱী। ফাইল ফটো

বেংককত চলি থকা ২০১৯ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসমৰ বক্সাৰ শিৱ থাপাই টুৰ্ণামেণ্টখনত পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰি পদক অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে।

দেওবাৰে টুৰ্ণামেণ্টখনৰ তৃতীয় দিনা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত শিৱই কিৰ্গীস্তানৰ ছেইটবেক উলুক ৪-১ ব্যৱধানত অনায়াসে পৰাস্ত কৰে। শিৱৰ লগতে ভাৰতৰ আন চাৰিগৰাকী বক্সাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

চাৰিবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী তথা মনিপুৰৰ ৩৭ বছৰীয়া সৰিতা দেৱীয়ে মহিলাৰ শাখাত কোৰিয়াৰ গৱ’ন সুজিনক হৰুৱাই অন্তিম আঠ স্থানত উপনীত হৈছে।

এছিয়ান গেমছৰ স্বৰ্ণপদক জয়ী অমিত পাংগালেও পুৰুষৰ ৫২ কিলোগ্ৰাম শাখাত টাইপেৰ টু পে ৱে’ক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত পাংগালৰ প্ৰতিদ্বন্দ্বী হ’ব অলিম্পিক চেম্পিয়ন হাছানৱা ডুছমাটোভ।

আনাহাতে, পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত আশিসে কিৰ্গীস্তানৰ আব্দুৰাখমনক ৪-১ ব্যৱধানত পৰাস্ত কৰি আৰু মহিলাৰ ৫১ কিলোগ্ৰাম শাখাত প্ৰাক্তন বিশ্ব জুনিয়ৰ চেম্পিয়ন নিখট জৰিনে কম্বোডিয়াৰ স্নে পোভ নাওক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

এছিয়ান বক্সিং চেম্পিয়নশ্বিপ টুৰ্নামেন্টখনত অসমৰ আন এগৰাকী বক্সাৰ লাভলীনা বৰগোঁহাই ইতিমধ্যে কোৰ্ৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

Related News