NORTHEAST NOW (Assamese)

শিৱসাগৰত উদযাপন বিশ্ব পৰ্য্যটন দিৱস

September 27, 2018 10:51 pm · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰত বিশ্ব পৰ্য্যটন দিৱসৰ উদ্যাপনৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস। জিলা পৰ্যটক তথ্য বিষয়াৰ কাৰ্যালয়ত দিৱস উদযাপনৰ কাৰ্য্যসূচীৰ অংশৰূপে ‘Tourism & The Digital Transformation’ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়৷

এই ‘Tourism & The Digital Transformation’ চলিত বৰ্ষত বিশ্ব পৰ্যটনৰ বিষয় (Theme)।

বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা সভাখনত নতুন প্ৰজন্মক পৰ্য্যটনৰ দিশত থকা সম্ভাৱনাৰ বিষয়ে অৱগত কৰে বিভিন্ন বক্তাই৷

শিৱসাগৰৰ জিলাত পৰ্যটনৰ উন্নয়নৰ  এক কৰ্মসূচী  প্ৰস্তুত কৰাৰ বাবে সভাত জিলা পৰ্যটন তথ্য বিষয়াক আহ্বান জনাই উপায়ুক্ত পল্লৱ গোপাল ঝাই।

জিলাখনৰ পৰ্যটনৰ উত্তৰণৰ যাত্ৰাত সকলোৰে সহযোগিতা বিচাৰে উপায়ুক্তগৰাকীয়ে৷

২ বজাৰ পৰা অনুষ্ঠিত উপায়ুক্ত ঝাৰ লগতে সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া শাৰদী গগৈ, শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ ত্ৰিদীৱ মহন্ত, নৱজ্যোতি শৰ্মা আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা কৌৰাংগ বৰগোহাঁয়েও ভাষণ প্ৰদান কৰে।

Related News