অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা, ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনৰ অভিযান

sivasagar-liquor-750x375

শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানত ধাবা আৰু ৰেষ্টুৰেণ্টে অনুজ্ঞাপত্ৰ অবিহনে বিক্ৰী হৈ থকা সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।

আজি ২ নৱেম্বৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ছুকাফা আলোচনাকক্ষত অনুষ্ঠিত এখন সভাত উপায়ুক্ত পল্লৱ গোপাল ঝাই এই কথা সদৰি কৰে।

জিলা উপায়ুক্তগৰাকীয়ে ধাবা আৰু ৰেষ্টুৰেণ্টেৰ মালিকসকলৰ সৈতে এক আলোচনাত মিলিত হয় আৰু সেইসমূহে কেনেদৰে চলাই থকা হৈছে তাৰ এটা মূল্যায়ন কৰে।

উল্লেখযোগ্য যে ৰাজহ আৰু আৰক্ষী বিভাগৰ সহযোগিতাৰে শিৱসাগৰ জিলা প্ৰশাসনে ধাবা আৰু ৰেষ্টুৰেণ্টেত বিক্ৰী হৈ থকা অবৈধ সুৰাৰ বিৰুদ্ধে কেইবাটাও অভিযান চলাই আহিছে।

২ নৱেম্বৰ শুকুৰবাৰে জিলা উপায়ুক্তগৰাকীয়ে ধাবা আৰু ৰেষ্টুৰেণ্টেৰ মালিকসকলক সমাজিক দায়বদ্ধতাক আগত ৰাখি অনুজ্ঞাবিহীনভাৱে সুৰা বিক্ৰীকৰিবলৈ নিষেধ কৰে।

উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে বহুবাৰ অনুৰোধ কৰি অহা সত্তেও যদিহে এই ধাবা আৰু ৰেষ্টুৰেণ্টেৰ মালিকসকলে বেআইনীভাৱে সুৰা বিক্ৰী কৰাটো বন্ধ নকৰে তেন্তে বাধ্যত পৰি জিলা প্ৰশাসনে এই আইন ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

উপায়ুক্তগৰাকীয়ে আৰু কৈছে যে অবৈধভাৱে সুৰা বিক্ৰী কৰি অহা ধাবা আৰু ৰেষ্টুৰেণ্টেৰ বিৰুদ্ধে আৱকাৰী আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।