NORTHEAST NOW (Assamese)

শিৱসাগৰৰ নৱ নিযুক্ত উপায়ুক্তৰ সৈতে সাংবাদিকৰ বৈঠক

January 22, 2019 10:47 pm · পাৰ্শ্বজ্যোতি গগৈ
সাংবাদিকৰ সৈতে শিৱসাগৰৰ উপায়ুক্তৰ মঙলবাৰৰ বৈঠক। ছবি- নৰ্থ ইষ্ট নাও।

শিৱসাগৰ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত ডঃ সুব্ৰমনি আয়াৰ লক্ষ্মণনে যোৱা ২০ জানুৱাৰিত কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ পাছত মঙ্গলবাৰে জিলাখনৰ সাংবাদিকসকলৰ মাজত চিনাকী হোৱাৰ লগতে মত বিনিময় কৰাৰ উদ্দেশ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভা কক্ষত এখন বৈঠকত মিলিত হয়।

শিৱসাগৰ জিলা প্ৰেছ ক্লাব, জিলা সাংবাদিক সন্থাকে ধৰি আন আন সাংবাদিক সন্থাই নৱ নিযুক্ত উপায়ুক্ত গৰাকীক গামোচা পিন্ধাই আদৰণি জনায়। বৈঠকত জিলাখনৰ সমস্যাসমূহৰ বিষয়েও আলোচনা কৰে উপায়ুক্তগৰাকীয়ে।

প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই চহৰখনৰ ৰাস্তা ঘাট, নলা নৰ্দমাৰ সমস্যাৰ লগতে পৰ্য্যটন স্থল বিলাকত পৰ্য্যটকসকলে সন্মুখীন হোৱা সমস্যাৰ কথা বৈঠকত ব্যক্ত কৰে।

আন সাংবাদিক সকলেও জিলাখনৰ বিভিন্ন সমস্যাৰ কথা অৱগত কৰে। শিৱসাগৰত ৰাতি দৰৱৰ দোকানসমূহ খোলা ৰখা আৰু নাৰ্চিং হোম বিলাকত জৰুৰীকালীন সেৱা উপলব্ধ কৰিবলৈ অনুৰোধ জনায় জিলা উপায়ুক্ত গৰাকীক।

তাৰোপৰি ব্যৱসায়ী সকলৰ পৰা একাংশ সংগঠনে দাবী-ধমকিৰে চান্দা উঠোৱা বিষয়টোৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীক সাংবাদিকসকলে অনুৰোধ জনায়।

নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে সাংবাদিকসকলে উত্থাপন কৰা বিষয়সমূহ গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

বৈঠকখনত শিৱসাগৰ সদৰৰ লগতে ডিমৌ, আমগুৰি, গৌৰীসাগৰ, দিচাংমুখ আদি অঞ্চলৰ সাংবাদিকসকলো উপস্থিত আছিল।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ ২০১১ বৰ্ষৰ বিষয়া লক্ষ্মণন চিকিৎসা বিজ্ঞানৰ স্নাতক। ইয়াৰ পূৰ্বে তেওঁ শদিয়াৰ মহকুমাধিপতি, তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত, গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ উপ সচিব, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব, হোজাইৰ উপায়ুক্ত আৰু শেহতীয়াকৈ কাছাৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Related News