• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত গাড়ীসহ গ্ৰেপ্তাৰ মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী

NE NOW NEWS মিণ্টু দাস
নগাঁও , January 22, 2019 10:45 pm

2 min read

নগাঁৱত গাড়ীসহ গ্ৰেপ্তাৰ মণিপুৰৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰী
374
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা অভিযান চলাই এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীজনক মণিপুৰৰ চূড়াচন্দনপূৰৰ জেমছ থাংলুৱাই (৫০) বুলি নগাঁৱৰ আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীজনক যোৱা নিশা নগাঁৱৰ চাপৰমুখ ৰে’লৱে ষ্টেশ্যনৰ ওচৰৰ পৰা ৰহা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁৰ পৰা আৰক্ষীয়ে এ এছ ০২ পি- ৬৭৭৪ মাৰুতি চিলেৰিঅ’ গাড়ী এখন জব্দ কৰে। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, চোৰাং চিকাৰীজনে তেওঁৰ কেইজনমান সহযোগীৰ সৈতে দুদিনমান পূৰ্বে ওৰাং বন্যপ্ৰাণী অভয়াৰণ্যত গঁ‌ড় হত্যাৰ প্ৰচেষ্টা চলাইছিল যদিও সফল নহ’ল।

পিছত দলটো মণিপুৰলৈ উভটি যোৱাৰ পথত আৰক্ষীয়ে চাপৰমুখ ৰে’ল ষ্টেশ্যনৰ ওচৰত গ্ৰেপ্তাৰ কৰে যদিও তেওঁৰ সহয়োগী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে জনোৱা মতে, জেমছ্ থাংলুৱাই নামৰ  দুৰ্ধৰ্ষ চোৰাং চিকাৰীজন মণিপুৰৰ কোনো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থাকিব পাৰে। তেওঁৰ পৰা উগ্ৰপন্থী সংগঠনসমূহে ব্যৱহাৰ কৰা পোছাক পৰিহিত এখন ফটোও আৰক্ষীয়ে জব্দ কৰে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে ইতিমধ্যে মণিপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে।

আন এক সূত্ৰৰ মতে,ধৃত চোৰাং চিকাৰীজন দীৰ্ঘদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁ‌ড়ৰ চোৰাং চিকাৰৰ লগত জড়িত আছিল। ইতিমধ্যে তেওঁ কেবাটাও গঁ‌ড় হত্যা কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। ইপিনে চোৰাং চিকাৰী গৰাকীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে কামপুৰ কচুৱাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক চফিৰ উদ্দিনক আটক কৰিছে।

Recent News

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

Jahnu-Baruah-750x375 (1)

লাচিত বৰফুকন চলচ্চিত্ৰ: জাহ্ন বৰুৱাৰহে বিষয়, বিবেক অ’বেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd