NORTHEAST NOW (Assamese)

‘মিট দ্যা ডি চি’ অনুষ্ঠানত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰে জিলা উপায়ুক্তৰ মত বিনিময়

November 12, 2019 3:51 pm · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰত জিলা উপায়ুক্তৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ মত বিনিময়

শিৱসাগৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশাসন যন্ত্ৰৰ বিষয়ে কিছু আভাস দিয়াৰ উদ্দেশ্যে আৰু জিলা উপায়ুক্তৰ সৈতে ভাৱ বিনিময়ৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ‘‘মিট দ্যা ডি চি’’ শীৰ্ষক এক বিশেষ অনুষ্ঠানত ১১ নৱেম্বৰত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলৰ লগত উপায়ুক্ত গৰাকীয়ে বিভিন্ন বিষয়ত মত-বিনিময় কৰে।

উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই কণ-কণ লৰা-ছোৱালীৰ মনত উদয় হোৱা বিভিন্ন ভাৱ, চিন্তা, কৌতুহল আদিৰ উমান লোৱাৰ চেষ্টা কৰে।

উপায়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত নিৰ্মাণৰ বাবে অধ্যয়নত মনোনিবেশ কৰাৰ বাবে উৎসাহিত কৰাৰ লগতে ৰুচি অনুসৰি খেলা-ধুলা, গীত-মাত, নৃত্য আদিৰ চৰ্চা কৰিবলৈও পৰামৰ্শ দিয়ে।

তাৰোপৰি, তেওঁ ছাত্ৰ-ছাত্ৰী সকলক জীৱনৰ ছাত্ৰৱস্থাৰ সময়ক সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ কয়।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী সকলে গীত-মাত, নৃত্য আদি পৰিৱেশনৰ দ্বাৰা নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে।

উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰী সকলক সদায় সৎ পথত চলাৰ বাবে পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

‘‘ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লুকাই থকা প্ৰতিভা আৰু সম্ভাৱনাক বিকশিত হ’ব পৰাকৈ এক সুস্থ বাতাবৰণ প্রদান কৰিবলৈ সকলোৱে সচেষ্ট হ’ব লাগিব,’’ উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই কয়।

তদুপৰি, জিলা উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে একোটাকৈ গছ-পুলি উপহাৰ স্বৰূপে আগবঢ়াই ইয়াৰ প্রতিপালন কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ‘‘মিট দ্যা ডি চি’’ শীৰ্ষক অনুষ্ঠানটো প্ৰতি সোমবাৰে বিয়লি ৪ বজাত এঘন্টাৰ বাবে অনুষ্ঠিত হ’য়, য’ত একোখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণৰ সুযোগ লাভ কৰে।

Related News